কামৰূপ মহানগৰ জিলাত প্ৰধানমন্ত্ৰীৰ জলজীৱন আঁচনিৰ অধীনত চলি থকা প্ৰকল্প সমূহৰ কাম ৩১ জুলাইৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সময় সীমা বান্ধি দিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে।মঙ্গলবাৰে মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্তৰ সভাপতিত্বত কাম ১০০ শতাংশ সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ সকলক কাঢ়া নিৰ্দেশ দিয়ে।জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস,চক্ৰ বিষয়া সকলৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ, লোকনিৰ্মাণ আদি বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত থকা এই সভাত প্ৰকল্প সমূহৰ কাম কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা আন্ত:বিভাগীয় সমস্যা সমূহৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰা হয় আৰু সংশ্লিষ্ট বিভাগৰ সমূহক সমস্যা সমূহ সোনকালে সমাধানৰ নিৰ্দেশ দিয়ে।উল্লেখযোগ্য যে ডিমৰীয়া,চন্দ্ৰপুৰৰ পৰা আজাৰা পৰ্যন্ত Functional Household Tap connectionৰ দৰে প্ৰকল্পত ৩৫,১২৯ টা পৰিয়াল সামৰি লোৱা হৈছে।উপায়ুক্ত গৰাকীৰ নিৰ্দেশ অনুসৰি অহা ৩১ জুলাই ভিতৰত এই পৰিয়াল সমূহৰ ঘৰে ঘৰে প্ৰধানমন্ত্ৰীৰ জলজীৱন মিছনৰ প্ৰকল্পৰ পানী টেপ সংস্থাপন হ’ব লাগিব।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন