অৰুণোদয় সাহিত্য চ’ৰাৰ সাহিত্য বৈঠক সম্পন্ন

0 316

আঠমাহ বিৰতিৰ পাছত নগাঁৱৰ অন্যতম ভাষা-সাহিত্য-সংস্কৃতি চৰ্চাৰ অনুষ্ঠান অৰুণোদয় সাহিত্য চ’ৰাৰ নৱেম্বৰ মাহৰ সাহিত্য পাঠৰ বৈঠকখন অনুষ্ঠিত হয়। নগাঁৱৰ লক্ষীনগৰস্থিত অসম হোমিঅ’ পেথিক মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত আজিৰ বৈঠকখনি সঞ্চালনা কৰে চ’ৰাৰ সভাপতি মৃদুপৱন বৰাই।
 
সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা বৈঠকৰ আৰম্ভণিতে মহামাৰি ক’ভিড -১৯ ৰ ভয়াবহ সময়ছোৱাত ভাষা সাহিত্য সংস্কৃতি আৰু সামাজিক দিশত যিসকল পুৰুধা ব্যক্তিয়ে মৃত্যুবৰণ কৰিলে সকলোৰে হৈ এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়। ইয়াৰ পিছতে “সাম্প্ৰতিক সময় আৰু আমাৰ কৰনীয়” এই আলোচনাত বক্তব্য ৰাখে নগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° দিলীপ শৰ্মা, লক্ষ্মী নাৰায়ন শৰ্মা, প্ৰদীপ শইকীয়া, আবুল হুছেইন, দিপ্তী বৰা, জেউতি হাজৰিকা, ৰাতুল শৰ্মা আৰু ভৱেশ মেধিয়ে। শিল্পী সুৰেশ হাজৰিকাৰ দুটি ভূপেন্দ্ৰ সংগীতেৰে আৰম্ভ হোৱা সাহিত্য পাঠ অনুষ্ঠানত কবি আবুল হুছেইন, মালা মেধি কাকতি, ৰাতুল শৰ্মা, ৰাহুল দেৱ বৰদলৈ, মৃদু পৱন বৰা, প্ৰদীপ শইকীয়া আৰু ড° দিলীপ শৰ্মাকে ধৰি কুৰিগৰাকী কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে আৰু জেউতি হাজৰিকা, মিন্তু দাসে দুটি সময়োপযোগী প্ৰৱন্ধ পাঠ কৰে। লেখিকা দিপ্তী বৰাই এটি চুটিগল্প পাঠ কৰে। কালিৰ বৈঠকত পৰৱৰ্তী বৈঠকবোৰত স্ব-ৰচিত কবিতা, গল্প, প্ৰৱন্ধ আদিৰ উপৰিও বিশেষ বিষয়ৰ ওপৰত বক্তৃতা পাঠৰ অনুষ্ঠান আয়োজন কৰাৰ পোষকতা কৰে।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে প্ৰতিবেদন

Leave A Reply

Your email address will not be published.