আই পি এছ নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্তে লাভ কৰিলে সোণৰ পদক

0 283

অসম আৰক্ষী দিৱস উপলক্ষে অসম আৰক্ষীৰ সহকাৰী ইন্সপেক্টৰ জেনেৰেল আই পি এছ বিষয়া নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্তক সোণৰ পদক প্ৰদান কৰা হয়। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ অভিযান, সন্ত্ৰাস বিৰোধী অভিযান কৰে ধৰি গঁড় চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰা সফলতাৰ বাবে আই পি এছ বিষয়া গৰাকীক অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে সোণৰ পদক প্ৰদান কৰে।
 
 
অসম আৰক্ষীৰ সহকাৰী ইন্সপেক্টৰ জেনেৰেল আই পি এছ বিষয়া নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্ত যোৰহাট জিলাত ২০১৯ চনত সংঘটিত হোৱা সুৰা কাণ্ডৰ তদন্তৰ দায়িত্বত আছিল। আই পি এছ বিষয়া গৰাকীয়ে দেশ কঁপাই যোৱা টীয়ক চাহ বাগানত চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বতো আছিল আৰু বিষয়া গৰাকীৰ নেতৃত্বত ২২ দিনত দেবেন দত্তৰ হত্যাকাণ্ডৰ ৬০২ পৃষ্ঠাৰ চার্জশ্বিট দাখিল কৰা হৈছিল। বিষয়া গৰাকীয়ে বিভিন্ন অপৰাধজনিত ঘটনা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
 
অসম আৰক্ষীৰ সহকাৰী ইন্সপেক্টৰ জেনেৰেল আই পি এছ বিষয়া নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্তৰ লগতে তিনিচুকীয়াৰ এছ পি, আই পি এছ বিষয়া শিলাদিত্য চেতিয়া, আই পি এছ বিষয়া ৰমনদ্বীপ কৌৰ, আই পি এছ বিষয়া অভিজিৎ আদিও সোণৰ পদক লাভ কৰে।
 
অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি ১৩ গৰাকী আৰক্ষী বিষয়াক সোণৰ পদক আৰু ৬৬ গৰাকী আৰক্ষী বিষয়া, জোৱানক ৰূপৰ পদক  প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.