আজিৰে পৰা তুৰাৰ শিক্ষানুষ্ঠানসমূহ ৮মে`লৈ বন্ধ ঘোষণা

0 200

পশ্চিম গাৰো পাহাৰ জিলাৰ সদৰ টাউন তুৰাত ক`ৰণাই উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । সেয়ে তুৰাৰ উপায়ুক্ত ৰাম সিঙেয়ে এক জৰুৰী নিদেৰ্শনা যোগে তুৰাৰ সকলো শিক্ষা প্ৰতিষ্ঠান ২৮ এপ্ৰিলৰ পৰা ৮ মে` লৈ বন্ধ ৰখাৰ নিৰ্দেশ দিছে।তুৰা টাউনৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান সন্ধিয়া ৭ বজাৰ পৰা বন্ধ ৰখাৰ নিদেৰ্শনা জাৰি কৰিছে।আনহাতে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰফিউ ঘোষণা কৰিছে।
বৰ্হিৰাজ্যৰ পৰা গাৰো পাহাৰত প্ৰবেশ কৰা ব্যক্তিক ৩ৰ পৰা ৭ দিন লৈ আইছলোছনত ৰখাৰ নিৰ্দেশনা দিছে।সমগ্ৰ গাৰো পাহাৰত মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰখা বাধ্যতামূলক কৰা হৈছে।ইফালে জিলা প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি গাৰো পাহাৰৰ একাংশ অঞ্চলত একাংশ লোকে মাস্ক পৰিধান নকৰি সামাজিক দুৰত্ব নামানি ক`ভিড প্ৰ`টকল ভংগ কৰি ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰা দেখা গৈছে।
খবৰ যুগুতালে চামিম জাকাৰিয়াই..

Leave A Reply

Your email address will not be published.