আজিৰে পৰা শিক্ষানুষ্ঠানসমূহ আংশিকভাৱে খুলিব

0 242

দেশৰ লগতে অসমতো আজিৰে পৰা আংশিকভাৱে খুলিছে শিক্ষানুষ্ঠানসমূহ।আজিৰে পৰা পৰীক্ষামূলকভাৱে নৱম,দশম,একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে শ্ৰেণী কোঠা খোলা হ’ব।
 
 
দৈনিক ৫০ শতাংশ শিক্ষক,শিক্ষয়িত্ৰী আৰু ২০ গৰাকী ছাত্র-ছাত্ৰী শ্ৰেণী কোঠাত উপস্থিত পাৰিব।  ইতিমধ্যে কোঠাসমূহ ছেনিটাইজ কৰাৰ লগতে শ্ৰেণী কোঠাত ছাত্ৰ ছাত্ৰীৰ আসনৰ মাজত নিৰ্দিষ্ট দূৰত্ব অক্ষুন্ন ৰাখি নতুন ৰূপত সজাই তোলা হৈছে।
 
 
আজি প্ৰথম দিনা মাত্ৰ নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান চলিব।সপ্তাহত প্ৰতি সোম,বুধ আৰু শুকুৰবাৰে নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান চলাৰ বিপৰীতে মঙ্গল, বৃহস্পতি আৰু শনিবাৰে দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান চলিব।
 
 
 
 

Leave A Reply

Your email address will not be published.