আজি আনুষ্ঠানিক ভাৱে মুকলি হ’ল উদ্যান শস্য মেলা

0 226

বৃহস্পতিবাৰৰ পৰা বোকাখাতত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ল আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল পদ্ধতিৰে ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবে উপস্থিত থাকিব নোৱাৰি ভাৰ্চুৱেল পদ্ধতিৰে অংশ গ্ৰহণ কৰে ৷ তাৰোপৰি মেলাখনত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰেও ভৰ্চুৱেল পদ্ধতিৰে অংশ গ্ৰহণ কৰে ৷ প্ৰায় দুঘন্টা পলমকৈ আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানৰ কৃষিমন্ত্ৰী অতুল বৰাই আদৰণি ভাষণ প্ৰদান কৰাৰ সময়তে ভৰ্তি হৈ থকা মণ্ডপ খালী হৈ পৰা দেখা গ’ল ৷ অনুষ্ঠানত ১২ দেশৰ ৰাষ্টদূত আৰু উচ্চায়ুক্তই অংশ গ্ৰহণ কৰে ৷ এই বৃহৎ মেলাত ৰাজ্যখনৰ ৩৩ খন জিলাৰ ১৮৩ খন বিপনীয়ে অংশ গ্ৰহণ কৰিছে ৷ অৱশ্যে চিপচিপিয়া বৰষুণৰ বাবে উৎসাহ সীমিত হোৱা পৰিলক্ষিত হয় ৷ ৰাজ্যৰ ৫ শ কৃষকে প্ৰতিদিনে প্ৰশিক্ষণ লোৱাৰ লগতে গোলাঘাট জিলাৰ ৬ শ কৃষকে প্ৰতিদিনে প্ৰশিক্ষণ ল’ব ৷ প্ৰতি সন্ধ্যা ৰাজ্যৰ প্ৰতিস্থিত শিল্পীয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰিব ৷ আজি প্ৰথম নিশা বিপিন চাওদাং, কল্পনা পাটোৱাৰী, সোমনাথ বৰা আৰু বিমান বৰুৱাৰ লগতে স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই..

Leave A Reply

Your email address will not be published.