আজি আনুষ্ঠানিক ভাৱে মুকলি হ’ল পিঙ্ক বাছ

0 285

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি অসম চৰকাৰৰ অভিনৱ আঁচনি ভ্ৰমণ সাৰথি অধীনত গুৱাহাটী মহানগৰীয় মহিলা আৰু জ্যেষ্ঠ নাগৰিক সকলকৰ বাবে সম্পূৰ্ণ বিনামূলীয়া বাছ সেৱা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।উল্লেখযোগ্য যে এই সেৱাৰ অধীনত ২৫ খন বাছ অন্তৰ্ভুক্ত কৰা হৈছে। খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় চৌহদৰ পৰা এই বিশেষ বাছ সেৱাৰ ফ্লেঘ অফ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী মহানগৰীত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এই বিনামূলীয়া পৰিবহন ব্যৱস্থাই আমাৰ জ্যেষ্ঠ নাগৰিক সকলৰ লগতে মহিলাসকলৰ যাতায়তৰ ক্ষেত্ৰত বিশেষ সকাহ প্ৰদান কৰিবলৈ সক্ষম হ’ব
এই বাছ সেৱা বিনামূলীয়া যদিও সকলোৰে দায়বদ্ধতা আৰু দায়িত্ব সহকাৰে এই বাছ সমূহৰ যত্ন লবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।লকডাউনৰ ফলত বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোক সকলক স্বগৃহলৈ উভতাই অনা ক্ষেত্ৰত পৰিবহন বিভাগৰ সেৱাৰ বিষয়ে আমি সকলোৱে অৱগত।এই সময়ছোৱাত বিভাগটোৱে ১.৭৮ লাখ খন যান-বাহন চলাচল কৰিব লগীয়া হৈছিল বুলি উল্লেখ কৰি এই অভূতপূৰ্ব সেৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে পৰিহবহন মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী,পৰিবহন বিভাগৰ লগতে অসম ৰাজ্যিক পৰিবহন নিগমৰ বিষয়াসকলক আৰু চালক-হেণ্ডিমেনকে ধৰি সকলো বিষয়া কৰ্মচাৰী প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
গুৱাহাটীৰ মহানগৰীত মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে আৰম্ভ কৰা এই বিশেষ বাছ সেৱাই তেওঁলোকৰ বাবে নিৰাপত্তা আৰু আৰমদায়ক ভ্ৰমণ সম্ভৱ কৰি তোলা লগতে ব্যক্তিগত যান-বাহনৰ সলনি ৰাজহুৱা পৰিবহন ব্যৱস্থাটো উদগনি যোগাব।গুলপীয়া ৰঙৰ এই বাছ সমূহ গুৱাহাটীৰ মহানগৰী ৫ টা ব্যস্ততম পথত সমগ্র দিনটোৰ বাবে চলাচল কৰিব।পথকেইটা হৈছে খানাপাৰাৰ পৰা পল্টন বজাৰ হৈ জালুকবাৰীলৈ,ফৰেষ্ট গেটৰ পৰা চান্দমাৰী হৈ জালুকবাৰীলৈ,বশিষ্ঠ মন্দিৰ পৰা পল্টন বজাৰ হৈ জালুকবাৰীলৈ,খানাপাৰাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ তথা আই এছ বি টি হৈ জালুকবাৰীলৈ আৰু গেমছ ভিলেজ পৰা পল্টন বজাৰ হৈ জালুকবাৰীলৈ।
আজিৰ অনুষ্ঠানত অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়,উপাধ্যক্ষ হৰিচৰণ বড়ো,অসম বিত্ত নিগমৰ অধ্যক্ষ বিজয় কুমাৰ গুপ্তা,মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ,মুখ্যমন্ত্ৰীৰ বিশেষ আয়ুক্ত ৰঞ্জন চক্ৰৱৰ্তী,পৰিবহন বিভাগৰ আয়ুক্ত সচিব ড° কে কে দ্বিবেদী,অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীৰ লগতে বিভাগটোৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.