আজি উকলি যাব যান বাহনৰ বকেয়া কৰ আদায়ৰ নথি পত্ৰ নবীকৰণৰ অন্তিম সময়সীমা- ৩০ অক্টোবৰৰ ভিতৰত বকেয়া কৰ আদায়ৰ আহ্বান সহকাৰী পৰিবহণ আয়ুক্তৰ

0 231

কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্রণালয়ে দেশৰ আন ৰাজ্যৰ লগতে অসমতো ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ বাবে যান বাহনৰ গৰাকী সকলক কিছু ৰেহাই দিছিল । তাৰ ভিতৰত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত যিসকল বাহনৰ গৰাকীয়ে পৰিবহণ বিভাগক যাবতীয় কৰ কাটল আদায় দিবলৈ বাকী আছিল তেওঁলোকক সেই বকেয়া কৰ আদায় দিয়াৰ সময়সীমা বৃদ্ধি কৰিছিল । আনকি বিগত প্ৰায় ডেৰ বছৰৰ ভিতৰত সেই সময়সীমা ৭ বাৰ বৃদ্ধি কৰাৰ পাছত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে যোৱা ছেপ্টেম্বৰ মাহত শেষবাৰৰ বাবে বকেয়া কৰ আদায় দিয়াৰ চূড়ান্ত তাৰিখ ৩০ অক্টোবৰ বুলি ঘোষণা কৰে । এতিয়া চূড়ান্ত সময়সীমা কাইলৈ অৰ্থাৎ ৩০ অক্টোবৰত উকলি যাব । এই সন্দৰ্ভত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) কাৰ্যালয়ৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে লকডাউনৰ বাবে পৰিবহণ খণ্ডটো নেতিবাচক প্ৰভাৱ পৰা বাবে কেন্দ্ৰীয় চৰকাৰে বকেয়া কৰ আদায়ৰ লগতে ম্যাদ উকলি যোৱা গাড়ীচালনাৰ অনুজ্ঞা পত্ৰ , পঞ্জীয়ন পত্ৰ আৰু পথত চলাচল কৰাৰ অনুজ্ঞাপত্ৰৰ নবীকৰণৰ চূড়ান্ত সময়সীমা ৩০ অক্টোবৰ বুলি ইতিপূৰ্বে বাতৰি কাকত , টেলিভিছনকে ধৰি সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে । এই ঘোষণা অনুসৰি ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পাছত অৰ্থাৎ লকডাউন ঘোষণা কৰাৰ পাছত কৰ আদায় দিবলৈ থকা বাহনৰ গৰাকী সকলোকহে এই ৰেহাইৰ আওতাৰ ভিতৰত সামৰি লোৱা হৈছিল । ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ আগৰ বকেয়া কৰ আদায় দিবলৈ থকা সকলোক এই ৰেহাইৰ ভিতৰত সামৰি লোৱা হোৱা নাছিল । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৩০ অক্টোবৰৰ ভিতৰত যিসকল যান বাহনৰ গৰাকীয়ে বিভাগক বকেয়া কৰ আদায় নিদিব তেওঁলোকৰ বিৰুদ্ধে পহিলা নৱেম্বৰৰ পাছত বিশেষ অভিযান আৰম্ভ কৰা হব । অভিযানত যিসকল বাহনৰ গৰাকীয়ে ৩০ অক্টোবৰৰ ভিতৰত বকেয়া কৰ আদায় দিয়া নাই তেওঁলোকৰ পৰা জৰিমনা আদায় কৰা হব । আনকি লকডাউনৰ নাম লৈ বছৰ বছৰ ধৰি অৰ্থাৎ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পূৰ্বে বকেয়া কৰ আদায় দিবলৈ বাকী থকা বাহনৰ গৰাকী সকলৰ পৰা অতিৰিক্ত জৰিমনা আদায় কৰা হব । গৰাকী সকলে কাৰ্যালয়ত আহি নিৰ্দিষ্ট কাউন্টাৰত এ টি এম বা ডেভিড কাৰ্ড যোগে কৰ আদায় দিব পাৰিব । আনকি অনলাইন ব্যৱস্থা অৰ্থাৎ এন ই এফ টি , আৰ চি জি বা ই চি এছ পদ্ধতিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব । ইফালে বিগত সময়চোৱাত বিভাগৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক পৰিদৰ্শককে ধৰি সমুহ কৰ্মচাৰীৰ সামূহিক প্ৰচেষ্টা , অনাদায়ী বাহনৰ গৰাকী আৰু ৰাজহ ফাঁকি দি বাহনৰ বা পৰিবহণ খণ্ডৰ ব্যৱসায় কৰা কোম্পানীৰ বিৰুদ্ধে ক’ভিডৰ ভয়াবহতাৰ মাজতো চলোৱা বিশেষ অভিযানত বিভাগে বহু সফলতা লাভ কৰিছে । যাৰ বাবে চলিত ২০২১ – ২২ বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈ বিগত ছয় মাহত অভিলেখ পৰিমাণৰ ১০২ কৌটি টকাতকৈও অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰা হয় । সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি কভিড কেন্দ্ৰীক পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত পৰিবহন ব্যৱস্থাটো সম্প্ৰতি ঠন ধৰি উঠিছে । যাৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা সৱল কৰি তোলাৰ ক্ষেত্ৰত যান বাহনৰ কৰ পৰিশোধ কৰাটো গৰাকী সকলৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য ।

Leave A Reply

Your email address will not be published.