আজি ক’ভিডৰ ভেকচিন প্ৰদান কৰিব

0 188

সমগ্ৰ দেশৰ লগতে অসমতো আজি ক’ভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। আজি ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে ক’ভিডৰ ভেকচিন গ্ৰহণ কৰিব।স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰথম ভেকচিন গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ চিকিৎসক সকলৰ ভিতৰত আছে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডাঃ উমেশ চন্দ্ৰ শৰ্মা, বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰা।
অসমত আজি ৰাজ্য খনৰ জনসংখ্যাৰ মুঠ ৩ শতাংশ লোকক ক’ভিড ভেকচিন প্রদান কৰা হ’ব বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সদৰি কৰে।ক’ৰণা যোদ্ধা আৰু ৰুগীয় লোকক ভেকচিন প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি তেওঁ কয়।প্ৰথম পৰ্যায়ৰ ভেকচিন প্ৰদান কাৰ্যসূচীত প্ৰায় ১ লাখ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোকক সামৰি লোৱা হ’ব।ইয়াৰোপৰি এম্বুলেন্সৰ চালক,প্ৰায় ১ লাখ ৯০ হাজাৰ চিকিৎসক,নাৰ্চ আদিকো প্ৰথম পৰ্যায়ত ভেকচিন প্ৰদান কৰা হ’ব।ইতিমধ্যে ভেকচিন প্ৰদান কৰিবলৈ ৮৬৫১ গৰাকী লোকক প্ৰশিক্ষিত কৰি তোলা হৈছে।ৰাজ্যৰ ৬৫ টা কেন্দ্ৰত আজি ভেকচিন প্ৰদান কৰা হ’ব।অসমতে এতিয়ালৈকে কোভিশ্বিল্ডৰ ২০১,৫০০ টা আৰু কোভিস্কিনৰ ২০,০০০ টা ডোজ লাভ লাভ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.