আজি ঘোষণা হ’ল ২ নৱেম্বৰত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ ফলাফল

0 423

আজি ঘোষণা হ’ল ২ নৱেম্বৰত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ ফলাফল। ভৱানীপুৰত জয়লাভ কৰিলে বিজেপিৰ ফণী তালুকদাৰে। ফণী তালুকদাৰে ৬৪,২০০ টা ভোট লাভ কৰি ২৫,৬৪১ টা ভোটৰ ব্যবধানত জয়লাভ কৰে । কংগ্ৰেছে ৩৮,৫৫৯ টা ভোট আৰু AIUDFএ ৬৪২০ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। যোৱা নিৰ্বাচনত ৫৫,৯৭৫ টা ভোট লাভ কৰাৰ বিপৰীতে ৩২২৭ টা ভোটত জয় লাভ কৰিছিল।
আনহাতে মৰিয়নীত বৃহৎ পৰিমাণৰ জয় লাভ কৰিলে বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতিয়ে ৪০,১০৪ টা ভোটৰ ব্যবধানত জয়লাভ কৰে ।ৰূপজ্যোতিয়ে ৫৫,৪৮৯ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰে ১৫,৩৮৫ টা ভোট লাভ কৰে।
ইফালে থাওৰাত অভিলেখ কৰি জয়ী হ’ল থাওৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই । ৩০,৫৬১ ভোটৰ বৃহত্‍ ব্যৱধানত জয়ী হয় সুশান্ত বৰগোহাঁই। বিজেপি প্ৰাৰ্থী বৰগোহাঁইয়ে লাভ কৰে ৫৪,৯৫৬টা ভোট। ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰে লাভ কৰে ২৪,২৫২ ভোট লাভ কৰে।জয়ৰ পিছত সুশান্ত বৰগোহাঁইৰ মন্তব্য,মোক বিশ্বাসঘাতক নহয় বিশ্বাসযোগ্য বুলিহে গণ্য কৰিলে থাওৰাৰ ৰাইজে।

Leave A Reply

Your email address will not be published.