আজি পূৰ্ণ চন্দ্ৰগ্ৰহণ-আংশিকভাৱেহে দেখা যাব ভাৰতত

0 251

আজি পূৰ্ণ চন্দ্ৰগ্ৰহণ। পৃথিৱীৰ বহু কেইখন দেশৰ পৰা চন্দ্ৰটো ৰঙা হৈ পৰা দেখা পোৱা যাব। ভাৰতত আংশিকভাৱেহে পূৰ্ণগ্ৰাসী চন্দ্ৰ প্ৰত্যক্ষ কৰিব পৰা যাব।আকাশত চন্দ্ৰ উদয় হোৱাৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইয়াক স্পষ্টভাৱে দেখা পোৱা যাব। পশ্চিম বংগৰ , ঊৰিষ্যাৰ সাগৰীয় উপকূল আৰু আন্দামান- নিকোবৰ দ্বীপপুঞ্জৰ পৰাও দেখা যাব এই চন্দ্ৰগ্ৰহণ। ভূবিজ্ঞান মন্ত্ৰালয়ে জনোৱা মতে, চন্দ্ৰগ্ৰহণটো ৩ বাজি ১৫ মিনিট যোৱাৰ পাছৰ পৰাহে ভাৰতত আংশিকভাৱে দেখা পোৱা যাব। ভাৰতৰ উপৰিও নেপাল, পশ্চিম চীন, মংগোলীয়া আৰু ৰাছিয়াৰ পূব অংশৰ পৰা আংশিক চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব।
উত্তৰপূৰ্বাঞ্চলৰ আগৰতলা, আইজল, চেৰাপুঞ্জী, গুৱাহাটী, ইম্ফল, ইটানগৰ, পাছিঘাট, শিলচৰ, কোহিমা, লামডিং, উত্তৰ লখিমপুৰ, শ্বিলং, শিৱসাগৰ আৰু আইজলৰ পৰা চন্দ্ৰগ্ৰহণটো প্ৰত্যক্ষ কৰিব পাৰিব।নাছাই জনোৱামতে,পূৰ্ণ চন্দ্ৰগ্ৰহণটো চন্দ্ৰ অস্ত যোৱাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, মেক্সিকো, মধ্য আমেৰিকা, ইকুৱেডৰ, পেৰু, চিলী আৰু আৰ্জেণ্টিনাত সম্পূৰ্ণভাৱে দেখা পোৱা যাব।

Leave A Reply

Your email address will not be published.