আজি বি টি চিৰ নতুন পৰিষদে শপত গ্ৰহণ কৰিব

0 189

আজি বিটিচিৰ নতুন পৰিষদ খনে শপত গ্ৰহণ কৰিব।বিটিচি সচিবালয়ৰ নিকটৱৰ্তী বিশাল গ্ৰীণ ফিল্ডত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানক লৈ প্ৰশাসনৰ মাজত ব্যাপক তৎপৰতা চলিছে।যুদ্ধকালীন তৎপৰতাৰে অনুষ্ঠানৰ মঞ্চ সাজু কৰি তোলা হৈছে। আজি শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় ২ লাখ লোক সমবেত হ’ব বুলি আশা কৰা হৈছে।
বিটিচি প্ৰধান সচিব সিদ্ধাৰ্থ সিঙে নিজৰ নিৰাপত্তা ব্যৱস্থা তদাৰক কৰিছে।জনসাধাৰণৰ যাতে কোনো ধৰণৰ অসুবিধা সন্মুখীন নহয় তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিছে।তদুপৰি শপত গ্ৰহণ অনুষ্ঠানৰ সময়ছোৱাত ক’ভিড প্ৰট’কল মানি চলা হ’ব বুলি বিটিচি প্ৰধান সচিবে সংবাদ মাধ্যমক জানিব দিয়ে।
আজি পুৱা ১১ বজাত বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে ।এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত ,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ,বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস,বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সাংসদ দিলীপ কুমাৰ শইকীয়া, গণ সুৰক্ষা পাৰ্টীৰ সভাপতি সাংসদ নৱ কুমাৰ শৰণীয়াকে ধৰি বহু কেইজন মন্ত্ৰী, বিধায়ক উপস্থিত থাকিব।

Leave A Reply

Your email address will not be published.