আজি মনোনয়ন পত্ৰ দাখিল কৰিলে সর্বানন্দ সোণোৱালে

0 184

প্রাক্তন মুখ্যমন্ত্রী তথা বর্তমানৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ৰাজ্যসভা নির্বাচনৰ বাবে মনোনয়ন–পত্র দাখিল কৰে৷ অসম বিধানসভাৰ সচিব ৰাজ্যসভা নির্বাচনৰ ৰিটানিং বিষয়াৰ ওচৰত মনোনয়ন দাখিলৰ সময়ত সোণোৱালৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা, ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ লগতে বিজেপি মিত্রজোঁটৰ নেতৃবৃন্দ উপস্থিত থাকে৷উল্লেখ্য যে অহা ৪ অক্টোবৰত অসমৰ এখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভাৰ নির্বাচনত বিজেপিয়ে সোণোৱালক প্রার্থিত্ব দিছে৷ বিৰোধী দল কংগ্রেছে এখন আসনৰ বাবে হ’বলগীয়া এই নির্বাচনত তেওঁলোক জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই আৰু প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ ফলত সোণোৱাল বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাটো নিশ্চিত হৈছে৷

Leave A Reply

Your email address will not be published.