আজি বিধায়কৰূপে শপত গ্ৰহণ কৰিব শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। নিৰাপত্তা বেস্তনীৰ মাজত অসম বিধানসভালৈ আহিব সংগ্ৰামী নেতা তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈ ৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া ১৫ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত আন নৱ নিৰ্বাচিত বিধায়কসকলৰ লগতে অখিল গগৈয়েও শপতগ্ৰহণ কৰিব ৷ বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দিতা কৰি জয়ী হৈছে৷ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত NIAৰ গোচৰত এবছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে বিধায়ক অখিল গগৈ। কিন্তু স্বাস্থ্যজনিত কাৰণত অখিল গগৈ চিকিৎসাধীন হৈ আছে GMCHত। সেয়ে বিধায়ক হিচাপে শপতগ্ৰহণৰ সুবিধা কৰি দিবলৈ NIAৰ আদালতত অখিল গগৈৰ অধিবক্তাই জনাইছিল আবেদন ৷ সেই আবেদনৰ ভিত্তিত NIAৰ আদালতে অখিল গগৈক বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অনুমতি দিছিল ৷ বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে আন আন বিধায়কসকলৰ লগতে অখিল গগৈকো বিধায়ক হিচাপে শপত গ্ৰহণ কৰাব ৷ শপত গ্ৰহণৰ পিছত অখিল গগৈ পুনৰ ঘূৰি যাব লাগিব কাৰাগাৰলৈ ৷
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন