মহানগৰীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰত মঙ্গলবাৰে শীত আৰু বতৰৰ খবৰ শীৰ্ষক এখনি কৰ্মশালা অনুষ্ঠিত হয় । উত্তৰ পূৰ্বাঞ্চলৰ বতৰ সম্পৰ্কীয় তথ্য সামৰি নতুন নতুন সংযোজনেৰে সফলতাৰ শীৰ্ষত আৰোহণ কৰিবলৈ লোৱাৰ কথাবোৰৰ বৰ্ণনা কৰা হয় । এই তথ্য সমূহ সংবাদ মাধ্যমৰ জৰিয়তে কিদৰে প্ৰকাশ কৰিলে উপকৃত হ’ব পাৰি তাৰ সম্পৰ্কত আলোচনা কৰা হয় । বৰ্তমানৰ উপ মহানিৰ্দেশক সঞ্জয় নীলে আঁত ধৰা এই কৰ্মশালাত বতৰ বিজ্ঞান কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপ মহানিৰ্দেশক হৰ গোবিন্দ পাঠক , এছ এন ডেকা , বতৰ বিজ্ঞানী শোণিত দাস আদিকে ধৰি কেবাগৰাকীও বতৰ বিজ্ঞানীয়ে ভাষণ প্ৰদান কৰে । সম্প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ বতৰ সম্পৰ্কীয় সকলো তথ্য প্ৰতিমুহূৰ্তই বৰঝাৰস্থিত এই অঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই নিৰ্ভুলভাৱে সংগ্ৰহ কৰিব পৰাকৈ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে বুলিও জানিবলৈ দিয়ে ।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা