আঞ্চলিক ভাষাৰ শিতানত শ্রেষ্ঠ অসমীয়া ছবি ‘ৰণুৱা’

0 242

ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত এবছৰ বিলম্বকৈ ঘোষণা কৰা হ’ল ৬৭সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটা৷ ২০১৯ বর্ষৰ বঁটা আজি ঘোষণা কৰে চলচ্চিত্র মহোৎসৱ সঞ্চালকালয়ে৷ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ অধীনস্থ চলচ্চিত মহোৎসৱ সঞ্চালকে সোমবাৰে বিয়লি ৬৭সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটাসমূহ ঘোষণা কৰে৷ ঘোষিত বঁটা অনুসৰি শ্রেষ্ঠ কাহিনী ছবিৰ সন্মান লাভ কৰে মালয়ালম ছবি ‘মৰক্কৰ লায়ন অৱ আৰবিয়ান চী’য়ে৷ শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে হিন্দী ছবি ‘ভোছলে’ৰ বাবে মনোজ বাজপেয়ী আৰু তামিল ছবি ‘অসুৰণ’ৰ বাবে অভিনেতা ধনুষে৷ ‘মণিকর্ণিকা দ্য কুইন অৱ ঝাঞ্চি’ আৰু ‘পাংগা’ ছবিত অনবদ্য অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰে কংগনা ৰাণাৱাটে৷ তামিল ছবি ছুপাৰ ডিলাক্সৰ বাবে শ্রেষ্ঠ সহ অভিনেতা বিজয় সেতুপতি আৰু হিন্দী ছবি ‘দ্য টাছকেণ্ট ফাইলছ’ৰ বাবে পল্লৱী যোশীয়ে৷ শ্রেষ্ঠ নির্দেশকৰ সন্মান ‘বহত্তৰ হুৰেই’ৰ বাবে সঞ্জয় পূৰণ সিং চৌহানে৷ শ্রেষ্ঠ শিশু ছবি ‘কস্তুৰী’ (হিন্দী), পৰিৱেশমূলক শ্রেষ্ঠ ছবি ‘ৱাটাৰ বুৰিয়েল’ (মনপা), সামাজিক বিষয়ক শ্রেষ্ঠ ছবি ‘আনন্দী গোপাল’ (মাৰাঠী), ৰাষ্ট্রীয় সংহতিৰ শ্রেষ্ঠ ছবি ‘তাজমহল’ (মাৰাঠী), শ্রেষ্ঠ জনপ্রিয় বিনোদনমূলক ছবি ‘মহর্ষি’ (তেলুগু), শ্রেষ্ঠ নৱাগত ছবিৰ পৰিচালক মাথুকুট্টী জেভিয়াৰ (মালয়ালম ছবি ‘হেলেন’)৷
শ্রেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পীৰ সন্মান লাভ কৰিছে ‘কেশৰী’ ছবি ‘তেৰী মিট্টী’ শীর্ষক গীতটিত কণ্ঠদান কৰাৰ বাবে বি প্রাকে৷ তেনেদৰে মাৰাঠী ছবি ‘বার্ডো’ত কণ্ঠদান কৰাৰ বাবে ছাৱানী ৰবীন্দ্রই শ্রেষ্ঠ নেপথ্য মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰে৷ আনপিনে, শ্রেষ্ঠ শিশু অভিনেতাৰ সন্মান লাভ কৰে তামিল ছবি ‘কেডি’ৰ বাবে নাগা বিশালে৷ শ্রেষ্ঠ চিত্রগ্রহণ মালয়ালম ছবি জালিকাট্টু, শ্রেষ্ঠ সংলাপ হিন্দী ছবি ‘দ্য তাছকেণ্ট ফাইলছ’, শ্রেষ্ঠ মৌলিক চিত্রনাট্য বাংলা ছবি ‘জ্যেষ্ঠ পুত্র’, শ্রেষ্ঠ আধাৰিত চিত্রনাট্য বাংলা ছবি ‘গুমনামী’, শ্রেষ্ঠ শব্দগ্রহণ খাচী ছবি ‘লিউদুহ’, শ্রেষ্ঠ সম্পাদনা তেলুগু ছবি ‘জার্চী’, শ্রেষ্ঠ গীতিকাৰ মালয়ালম ছবি ‘কলাম্বী’ৰ কাৰণে প্রভা বার্মাই, শ্রেষ্ঠ সংগীত পৰিচালনা তামিল ছবি ‘বিশ্বাছম’ৰ কাৰণে ডি ইমানে৷ শ্রেষ্ঠ আৱহ সংগীত বাংলা ছবি ‘জ্যেষ্ঠ পুত্র’ৰ বাবে প্রবুদ্ধ বেনার্জী, শ্রেষ্ঠ মেক আপ আর্টিষ্ট মালয়ালম ছবি ‘হেলেন’ৰ বাবে ৰঞ্জিতে৷ আনপিনে শ্রেষ্ঠ আঞ্চলিক ভাষাৰ ছবি শিতানত হিন্দী ছবি ‘ছিছৰে’ই শ্রেষ্ঠ হিন্দী ছবিৰ সন্মান লাভ কৰাৰ বিপৰীতে শ্রেষ্ঠ তেলুগু ছবি ‘জার্চী’, শ্রেষ্ঠ মালয়ালম ছবি ‘কালা নট্টম’, শ্রেষ্ঠ তামিল ছবি ‘অসুৰণ’, শ্রেষ্ঠ পনীয়া ছবি ‘কেনজিৰা’, শ্রেষ্ঠ মিচিং ছবি ‘অনু ৰুৱাড’, শ্রেষ্ঠ খাচী ছবি ‘লিউডুহ’, শ্রেষ্ঠ ছত্তিশগড়ী ছবি ‘ভুলান দ্য মাজে’, শ্রেষ্ঠ হাৰিয়ানী ছবি ‘ছৰিয়া চোৰো সে কাম নেহী হোতী’, শ্রেষ্ঠ তুলু ছবি ‘পিংগৰা’, শ্রেষ্ঠ পঞ্জাবী ছবি ‘ৰব দ্য ৰেডি’ টু’, শ্রেষ্ঠ উড়িয়া ছবি ‘কালিৰা অতীতা এণ্ড ছালা বুদ্ধৰ বদলা’, শ্রেষ্ঠ মণিপুৰী ছবি ‘আইগি কোনা’, শ্রেষ্ঠ মাৰাঠী ছবি ‘বার্ডো’, শ্রেষ্ঠ কংকানী ছবি ‘কাজৰো’, শ্রেষ্ঠ বাংলা ছবি ‘গুমনামী’, শ্রেষ্ঠ কানাড়া ছবি ‘আক্ষী’ আৰু শ্রেষ্ঠ অসমীয়া ছবি ‘ৰণুৱা হু নেভাৰ ছাৰেণ্ডাৰ’৷
আনহাতে, বিশেষ বঁটা লাভ কৰিছে অসমীয়া ছবি ‘জোনাকী পৰুৱা’, মাৰাঠী ছবি ‘লতা ভগৱান কাৰে’ আৰু পঞ্জাবী ছবি ‘পিকাছো’ই৷ মন কৰিবলগীয়া যে খাচী ছবি ‘লিউদুহ’ৰ বাবে শ্রেষ্ঠ শব্দ গ্রহণকাৰী (লোকেচন)ৰ বঁটা লাভ কৰিছে অসম সন্তান দেৱজিৎ গায়নে৷ কাহিনী চিত্রত উল্লিখিত বঁটাসমূহৰ বাহিৰেও আন কেইবাটাও শিতানত শ্রেষ্ঠ বঁটা ঘোষণা কৰা হৈছে৷ ইপিনে, অকাহিনীচিত্রৰ শিতানত শ্রেষ্ঠ শব্দ গ্রহণ ৰাধা, শ্রেষ্ঠ চিত্র গ্রহণ হিন্দী ছবি ‘সোণচি’ৰ কাৰণে সবিতা সিং, ইংৰাজী–বাংলা ছবি ‘নক নক নক’ৰ বাবে শ্রেষ্ঠ নির্দেশকৰ বঁটা সুধাংশু চাৰিয়া, পৰিয়াল প্রমূল্যবোধৰ শ্রেষ্ঠ ছবি মালয়ালম ‘অ’ৰু পাথিৰা স্বপ্ণম প’লে’, শ্রেষ্ঠ চুটি একচন ছবি হিন্দী–ইংৰাজী ‘কাষ্ট’ডী’, শ্রেষ্ঠ ভইচ অভাৰ–নেৰেচন কর্ণাটকৰ ‘ৱাইল্ড’ৰ বাবে ছাৰ ডেভিদ এটেনবল, শ্রেষ্ঠ সংগীত পৰিচালক হিন্দী ছবি ‘ক্রান্তি দর্ছি গুৰুজী– এহেড অৱ টাইমছ’ৰ বাবে বিছাখজ্যোতি৷ শ্রেষ্ঠ অনুসন্ধানমূলক ছবি ‘জাক্কাল’ (মাৰাঠী), শ্রেষ্ঠ শিক্ষামূলক ছবি ‘এপেলছ এণ্ড অৰেঞ্জ’ (ইংৰাজী), শ্রেষ্ঠ পৰিৱেশমূলক ছবি ‘দ্য ষ্টর্ক ছেভিয়ার্ছ’৷ চিনেমাৰ ওপৰত শ্রেষ্ঠ গ্রন্থ সঞ্জয় সুৰীৰ ‘এ গান্ধীয়ান এফেয়াৰ ইণ্ডিয়াজ কিউৰিয়াছ প’র্ট্রেয়াল অৱ লাভ ইন চিনেমা’ আৰু শ্রেষ্ঠ চলচ্চিত্র সমালোচকৰ বঁটা লাভ কৰে ছোহিনী চট্টোপাধ্যায়ে৷ গুৰুত্বপূর্ণ যে শ্রেষ্ঠ চলচ্চিত্র বন্ধুত্বমূলক ৰাজ্য হিচাপে ছিকিমক স্বীকৃতি দিয়া হৈছে৷ উল্লেখ্য যে বিগত বর্ষৰ মে’ মাহত এই বঁটাসমূহ ঘোষণা কৰিব লাগিছিল যদিও ক’ভিড–১৯ মহামাৰীৰ বাবে পিছুৱাই দি আজি বহু প্রতীক্ষিত এই বঁটাসমূহ ঘোষণা কৰে চলচ্চিত্র মহোৎসৱ সঞ্চালকালয়ে৷ এই বঁটাসমূহ পৰৱর্তী সময়ত ৰাষ্ট্রপতিয়ে আনুষ্ঠানিকভাৱে প্রদান কৰিব৷

Leave A Reply

Your email address will not be published.