আঞ্চলিক সমিতি সমূহৰ বিবাদিত স্থান সমূহ যুটীয়াভাৱে পৰিদৰ্শন কৰি ৩০ দিনৰ ভিতৰত প্ৰস্তুত কৰিব প্ৰতিবেদন

0 199

অসম আৰু মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ দ্বিতীখন বৈঠক আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়।এই বৈঠকত ৰাজ্য দুখনৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ উপায় উদ্ভাৱন তথা নিৰীক্ষণ বাবে তিনিখন আঞ্চলিক সমিতি গঠনৰ বাবে দুয়োখন ৰাজ্যই সিদ্ধান্ত গ্ৰহণ কৰে।উল্লেখযোগ্য যে যোৱা ২৩ জুলাই তাৰিখে শ্বিলঙত অনুষ্ঠিত প্ৰথম খন বৈঠকৰ পিছত আজি অনুষ্ঠিত এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ লগতে দুয়োখন ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ সদস্য তথা আমোলা সকলে অংশগ্ৰহণ কৰে।বৈঠকত দুয়োখন ৰাজ্যৰ তিনি গৰাকীকৈ কেবিনেট মন্ত্ৰীৰ অধ্যক্ষতাত তিনিখন আঞ্চলিক সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়।এই সমিতি সমূহে বিবাদিত অঞ্চল সমূহ যুটীয়াভাৱে নিৰীক্ষণ কৰিব।
উল্লেখযোগ্য যে দুয়োখন ৰাজ্যৰ মাজত সীমা নিৰ্ধাৰণক লৈ মতানৈক্য থকা ১২ টা স্থানৰ ভিতৰত প্ৰথম পৰ্যায়ত ৬ টা স্থানত বিবাদ মীমাংসা কৰাৰ সিদ্ধান্ত লোৱা হয়।মুখ্যমন্ত্ৰী শৰ্মাৰ তৎপৰতাত ৰাজ্য দুখনৰ দীৰ্ঘদিনীয়া বন্ধুত্ব ভিত্তিত এনে সীমা বিবাদ সমূহৰ সমাধানৰ বাবে পৰ্যায়ক্ৰমে পদক্ষেপ গ্ৰহণ কৰিবলৈ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে।সীমাক লৈ মতানৈক্য থকা ৬ টা স্থানক ৩ টা অঞ্চলত বিভক্ত কৰা হৈছে।গঠন কৰিব লগীয়া আঞ্চলিক সমিতি সমূহে এই ৬টা স্থান ক্ৰমে তাৰাবাৰী,গিজাং, বাখালাপাৰা,পিলিংকাটা,ৰাতাচেৰা আৰু হাহিম যুটীয়াভাৱে পৰিদৰ্শন কৰিব।এই সমিতি কেইখনক নেতৃত্ব দিবলগীয়া অসমৰ কেবিনেট মন্ত্ৰী সকল হৈছে পীয়ুষ হাজৰিকা, কৃষি মন্ত্ৰী অতুল বৰা আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।কেবিনেট মন্ত্ৰী সকলৰ উপৰি এই সমিতিত বিধায়ক ,আমোলা আৰু ৰাইজৰ প্ৰতিনিধি সকলো উপস্থিত থাকিব।এই সমিতি সমূহে বিবাদিত স্থান সমূহৰ যুটীয়া ভাৱে ভ্ৰমণ কৰি সংশ্লিষ্ট সকলো পক্ষ আৰু গাঁওবুঢ়া সকলৰ সৈতে মত বিনিময় কৰিব আৰু ৩০ দিনৰ ভিতৰত নিজৰ পৰামৰ্শৱলীসহ প্ৰতিবেদন প্ৰস্তুত কৰিব।টাৰ্ম অৱ ৰেফাৰেঞ্চ হিচাপে এই সমিতি সমূহে নিজৰ প্ৰতিবেদন প্ৰস্তুতৰ ক্ষেত্ৰত বিবাদিত স্থান সমূহৰ ঐতিহাসিক প্ৰেক্ষাপট,নৃগোষ্টীয় বসতি,স্থানীয় জনসাধাৰণৰ ধাৰণা প্ৰশাসনিক সূচলতা আৰু সমীপৰ্বতীতা আদি বিভিন্ন দিশ পৰ্যালোচনা কৰিব।
বৈঠকৰ অন্তত এক যুটীয়া সাংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যাক লৈ হোৱা আলোচনাক অত্যন্ত ফলপ্ৰসূ বুলি অভিহিত কৰে।কিয়নো দুয়োখন ৰাজ্যই আকোৰগোজ মনোভাৱ এৰি পৰম্পৰা প্ৰতি সন্মান প্ৰদৰ্শনেৰে নিজৰ সীমা সমস্যা সময় সাপেক্ষে সমাধান বাবে আগবাঢ়ি আহিছে।এই প্ৰসংগত তেওঁ আজি বৈঠকৰ ফলস্বৰূপে বিবাদ মান ১২ টা স্থানৰ ভিতৰত প্ৰথম পৰ্যায়ত ৬ টা স্থানৰ বিবাদ মীমাংসাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।তেওঁ লগতে কয় যে অসম আৰু মেঘালয়ৰ দুয়োখন ৰাজ্য দীৰ্ঘদিনীয়া ঐতিহাসিক বান্ধোনেৰে বান্ধ খাই আছে ।এই বন্ধুত্বক অধিক শক্তিশালী কৰাৰ বাবে এক উমৈহতীয়া কৰ্মসূচী গ্ৰহণ কৰিব পাৰিলে দুয়োখন ৰাজ্যই দেশৰ বিকাশত উল্লেখযোগ্য অৰিহণা যোগাবলৈ সক্ষম হ’ব বুলিও ব্যক্ত কৰে।মুখ্যমন্ত্ৰী শৰ্মাই কয় মত পাৰ্থক্য থাকিলেও দুয়োখন ৰাজ্যই আলাপ আলোচনা জৰিয়তে এই পাৰ্থক্য হ্ৰাস কৰাৰ বাবে কাম কৰিব লাগিব।সীমা সমস্যাৰ বাস্তৱমুখী সমাধানৰ বাবে আকোৰগোজ মনোভাৱ এৰি নতুন কৰ্মপন্থা হাতত লোৱাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।
সংবাদ মেলত নিজৰ মত ব্যক্ত কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কয় যে মেঘালয়ে অসমৰ সৈতে সীমা সমস্যা স্থায়ী সমাধান বিচাৰে আৰু এই দিশত ৰাজ্য খনৰ মনোভাৱ যথেষ্ট ইতিবাচক।দুয়োখন ৰাজ্যই পাৰস্পৰিক সন্মান প্ৰদৰ্শনেৰে সীমা সমস্যা মুকলি মনেৰে আলোচনাৰ বাবে আগবাঢ়ি অহাটো সময়ৰ দাবী বুলি তেওঁ মন্তব্য কৰে।আজিৰ বৈঠকৰ আলোচনাত অত্যন্ত গঠনমূলক বুলি অভিহিত কৰি কয় যে দুয়োখন ৰাজ্য পাৰস্পৰিক প্ৰগতি বাবে এই সমস্যা বহু পূৰ্বেই সমাধান হ’ব লাগিছিল।সম্প্রতি দুয়োখন চৰকাৰ বলিষ্ঠ ৰাজনৈতিক সদিচ্ছাৰ বাবে বৰ্তমান সেই পথ প্ৰশস্ত হৈছে বুলি উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.