আটাছুৰ উদ্যোগত ফেচবুকৰ জৰিয়তে পাঠদান আগবঢ়াইছে

0 277

লক ডাউনৰ বাবে বিদ্যালয় বন্ধ থকাত অসমৰ শিক্ষাৰ্থী সকল  লোকচানৰ সন্মুখীন হৈছে। এনে সময়ত কিছু সংখ্যক ব্যক্তিগত বিদ্যালয়ে অনলাইন পাঠক্ৰম আৰম্ভ কৰিছে যদিও বৰ্তমানেও বহু সংখ্যক ছাত্ৰ ছাত্ৰী অনলাইন শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ ৰ’ব লগা হৈছে।
 
 
 
 
সেই সকল ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে সদৌ টাই আহোম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে এক ব্যক্তিক্ৰমী পদক্ষেপ। জনপ্ৰিয় চ’চিয়েল চাইট ফেচবুক এতিয়া শিক্ষালাভৰ মাধ্যম ৰূপে  একাংশ শিক্ষাৰ্থীৰ বাবে পৰিগণিত হৈছে।
 
 
 
 
আটাছুৰ মৰিয়নি আঞ্চলিক শাখাৰ উদ্যোগত ফেচবুকৰ যোগেদি নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ঘৰতে থাকি বিদ্যালয়ৰ পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণৰ এক সুযোগ লাভ কৰিছে। মৰিয়নিৰ লগতে যোৰহাট আৰু শিৱসাগৰ জিলাৰ কেইবাগৰাকীও শিক্ষক শিক্ষয়ত্ৰীয়ে শ্ৰেণী দুটাৰ বিভিন্ন পাঠ্যক্ৰমৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ আলোচনা আগবঢ়াই ভিডিঅ’ প্ৰস্তুত কৰিছে। এই ভিডিঅ’ সমুহ আটাছু মৰিয়নিৰ ফেচবুক গ্ৰুপৰ জৰিয়তে প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
 
 
 
আনহাতে মৰিয়নী আটাছুৰ এই ডিজিটেল পাঠ্যক্ৰমে বহু ছাত্ৰ ছাত্ৰীক উপকৃত কৰা লগতে লাভ কৰিছে ব্যাপক সঁহাৰি। আটাছু মৰিয়নি আঞ্চলিক সমিতিৰ এই পদক্ষেপক শিক্ষানুৰাগী মহলে শলাগ লৈছে।
 
 
খবৰ যুগুতালে মৰিয়নিৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

Leave A Reply

Your email address will not be published.