আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ অনুষ্ঠান

0 289

এলেহুৱা মানুহে কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে ।আজিৰ বিশ্বৰ প্ৰেক্ষাপটত নিজৰ প্ৰতিভা বিকাশ সাধন কৰিবলৈ হ’লে জ্ঞানৰ প্ৰয়োজন ।ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণ কৰিবলৈ হ’লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।কালি সৰুসজাইত অনুষ্ঠিত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে মন্তব্য কৰে।লেপটপ, ৱাইফাই চিম কাৰ্ডৰ লগতে পাঠ্যপুথি ,প্ৰশিক্ষণৰ সামগ্ৰী এই আচঁনিৰ অধীনত প্ৰদান কৰে।উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত ২০৭২০ গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা প্ৰদান কৰা হ’ব।ৰাজ্যত উদ্যমিতা ক্ষেত্ৰখনৰ বিকাশৰ কথা তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে।বঁটা প্ৰদান অনুষ্ঠানত সিদ্ধাৰ্থ ভট্টাচাৰ্য,পল্লৱ লোচন দাস, প্ৰীতম শইকীয়াকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.