আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিলে ইভেণ্ট মেনেজমেণ্ট এচ’চিয়েছনে

0 192

অসমৰ ইভেণ্ট উদ্যোগক একত্ৰিত কৰি উত্তৰ পূৰ্ব আৰু ৰাষ্ট্ৰীয় স্তৰলৈ কঢ়িয়াই যোৱা লক্ষ্যৰে আজি গঠিত হ’ল ইভেণ্ট মেনেজমেণ্ট এচ’চিয়েছন অৱ অসম শীর্ষক এক অনুষ্ঠান।
 
 
গুৱাহাটীৰ ৰেডিচন ব্লুত আজি আনুষ্ঠানিক ভাৱে এই অনুষ্ঠানটোৱে আত্মপ্ৰকাশ কৰে। ইভেণ্ট মেনেজমেণ্ট এচ’চিয়েছন অৱ অসমৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে চিষ্টেম আৰু ছাৰ্ভিছৰ মানস কুমাৰ শৰ্মাই।তেখেতৰ উপৰিও কমিটিখনত আছে আৰিয়ান্স ইভেণ্টছ ছলিউছনৰ সাধাৰণ সম্পাদক চম্পক দাস,গ্ৰেণ্ড এফিয়াৰ্ছ প্ৰাইভেট লিমিটেটৰ কোষাধক্ষ্য অভয় কুমাৰ বাৰজাতিয়া,  পৰামৰ্শদাতা,যুটীয়া সম্পাদক,আঞ্চলিক সম্পাদক আৰু প্ৰচাৰ সম্পাদক।
 
এই উদ্যোগটোৱে অসমৰ অৰ্থনীতি চলাই নিয়া আৰু কৰ্মসংস্থান সৃষ্টিৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে। ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমত আছে ৪০ জনতকৈ অধিক সদস্য।উল্লেখযোগ্য যে উৎসৱ আৰু পাৰ্টি আয়োজনতে সীমাবদ্ধ নাথাকি সম্প্ৰতি ইভেন্ট মেনেজমেণ্টে অসমৰ বিকাশত অংশীদাৰ হৈ পৰিছে।এক গতিশীল খণ্ড ৰূপে দশকৰ পিছত প্ৰাণ পাই উঠিছে ইভেণ্ট মেনেজমেণ্ট খণ্ড।

Leave A Reply

Your email address will not be published.