আন্তজাৰ্তিক লেভেল ক্ৰচিং দিৱস উদযাপন

0 256

এন এফ ৰেলৱেৰ উদ্যোগত মালিগাওস্থিত ৰেলৱেৰ সদৰ কাৰ্য্যালয়ৰ উপৰিও তিনিচুকীয়া ,ৰঙিয়া, আলিপুৰ দুৱাৰ সংমণ্ডলত আন্তজাৰ্তিক লেভেল ক্ৰচিং সজাগতা দিৱস পালন কৰা হয় ।এই উপলক্ষে কামাখ্যা ৰেলৱে ক্ৰচিঙত এন এফ ৰেলৱেৰ সাংস্কৃতিক সন্থাৰ উদ্যোগত এক সজাগতামূলক আখৰা সম্পন্ন হয়।এন এফ ৰেলৱেৰ যান্ত্ৰিক বিভাগৰ উপমুখ্য সুৰক্ষা বিষয়া প্ৰদীপ হীৰাৰ নেতৃত্বত অনুষ্ঠিত আখৰাত ৰেল চলি থকা বা আহিব লগা সময়ত লেভেল ক্ৰচিং সমূহত কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে তাক প্ৰদৰ্শন কৰে।আনহাতে এন এফ ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে মালিগাঁৱৰ সদৰ কাৰ্য্যালয়ৰ উপৰিও প্ৰতিটো ৰেল সংমণ্ডলত আয়োজিত আন্তজাৰ্তিক লেভেল ক্ৰচিং দিৱসৰ কাৰ্যসূচীত ৰেলৱে স্কাউট এণ্ড গাইড,ৰেলৱেৰ সাংস্কৃতিক দল বিভিন্ন সংগঠনে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.