আপেল বগৰীৰ খেতিৰে স্বাৱলম্বী হৈছে দুধনৈৰ যুৱক

0 347

দুধনৈ নৈৰ পাৰত কৃষি কৰ্মৰে জীৱিকাৰ সপোন ৰচিছে দুধনৈ দামৰাৰ তিনিজন যুৱকে৷ শিক্ষিত হৈয়ো চাকৰিৰ পিচে পিচে দৌৰি নাথাকি কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে৷
তিনিগৰাকী শিক্ষিত যুৱকে লক্ষীপুৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃষক আব্দুল হালিমৰ তত্বাৱধানত কৃষিকৰ্মত মনোনিবেশ কৰে৷ আব্দুল হালিমৰ পৰামৰ্শৰে আপেল সদৃশ ৰঙা আৰু সেউজীয়া থাইলেণ্ড বগৰীৰ খেতিৰে স্বাৱলম্বীতাৰ সপোনক বাস্তবায়িত কৰে ৷এই তিনি গৰাকী উদ্যমী যুৱক হ’ল ক্ৰমে অশোক ৰাভা, অসীম ৰাভা আৰু কুলদেৱ ৰাভা৷
মাত্ৰ এবছৰ আগৰ কথা। দুধনৈ নদীৰ পাৰত ছন পৰি থকা সাতবিঘা মাটিত খেতি কৰিবলৈ সুপৰিকল্পনাৰে সাৰ পানীৰ ব্যৱস্থা কৰি মাটি প্ৰস্তুত কৰি উলিয়ালে৷ কৃষক আব্দুল হালিমৰ পৰামৰ্শ লৈ পশ্চিমবংগৰ পৰা উন্নতমানৰ থাইলেণ্ড বগৰী গছৰ প্ৰায় সাতশ পুলি আনি ৰোপন কৰিলে৷ সাৰ পানী যোগান ধৰি  যতন ল’লে।
কিছুদিনৰ পিছত ডাঙৰ হোৱাত লোমে লোমে ফল লাগিল আৰু বিক্ৰীৰ বাবে উপযোগী হৈ উঠিল। কাশ্মীৰী আপেলৰ লগত সংযোগ ঘটায় প্ৰথম বাৰৰ বাবে কৰা আপেল সদৃশ ৰসাল আৰু মিঠা বগৰী বিধ চলিত মাহৰ পৰাই বিক্ৰী কৰিবলৈ লৈছে৷
তিনিও গৰাকী যুৱকে জনোৱা মতে এই বগৰীৰ বাগান খনৰ কথা সংবাদ মাধ্যম যোগে প্ৰচাৰ হোৱাত বহু ৰাইজ বাগানখন চাবলৈ ধাপলি মেলিছে ৷বাগানলৈ আহি খাইয়ো চাইছে লগতে বগৰী কেইজোপাৰ লগত ছেল্ফীও উঠিছে৷
উল্লেখ্য যে আজিলৈ তেওঁলোকে বজাৰত বিক্ৰীৰ বাবে বগৰী নিব লগা হোৱা নাই৷ বাগানখন চাবলৈ অহা মানুহে বগৰী কিনি লৈ যোৱাৰ উপৰিও বেপাৰী সকলে বাগানৰ পৰাই কিনি নিবলৈ আৰম্ভ কৰিছে৷ আৰম্ভণিতে চাৰিশ টকাৰ পৰা পাঁচশ টকা খৰচ পৰা প্ৰতিজোপা বগৰীয়ে দিনে ২০ৰ পৰা ৩০ কিলোতকৈ বগৰি দিয়ে৷ সেউজীয়া বগৰীবিধৰ দাম প্ৰতি কিলোত ৫০ টকা আৰু আপেল সদৃশ বগৰীবিধ কিলোত ১০০ পৰা ১২০ টকাকৈ বিক্ৰী কৰি আছে৷ তিনিও গৰাকী যুৱকে জনোৱা মতে এইবিধ খেতিত আন খেতিতকৈ তুলনামুলক ভাৱে কষ্ট কম৷ এই খেতিৰ জৰিয়তে উৎসাহিত হৈ এইবাৰ তেওঁলোকে অধিক বগৰীগছ ৰোপনৰ পৰিকল্পনা কৰাৰ লগতে উন্নত জাতৰ মধুৰিআম আৰু মৌচুমীৰ গছ ৰুইছে৷  এই ক্ষেত্ৰত দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী সকলে তেওঁলোকক দিহা পৰামৰ্শৰে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে৷ তেওঁলোকে শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক কৃষি কৰ্মৰেও যে  আৰ্থিক ভাৱে লাভৱান হ’ব পাৰি তাকে নিদৰ্শন দেখুৱাইছে।
খবৰ যুগুতালে দুুধনৈৰ পৰা অৰূপ নাথে।

Leave A Reply

Your email address will not be published.