আবকাৰী বিভাগৰ সহযোগত ছেনিটাইজাৰ বিতৰণ

0 247

গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ খানামুখ অঞ্চলৰ মহিলা সাংস্কৃতিক সংগঠন জ্ঞানমালিনী বিকশিত মহিলা দলৰ উদ্যোগত যোৱা ১৭ জুনত খানামুখ শ্ৰীশ্ৰী লক্ষীমন্দিৰ চৌহদত অসম চৰকাৰৰ আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত আবকাৰী বিভাগে ‘কভিড-১৯’ যোদ্ধাসকলৰ বাবে সহায়ক হোৱাকৈ প্ৰস্তুত কৰা হেণ্ড ছেনিটাইজাৰ সদস্য সকলৰ মাজত বিতৰণ কৰে।
 
 
বিতৰণ কাৰ্যসূচীত সংগঠনটোৰ সভানেত্ৰী শেৱালী কুমাৰী দাস, সম্পাদিকা জুমি কলিতা, সহকাৰী সম্পাদিকা অঞ্জুমণি কলিতাই সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে মন্ত্ৰী পৰিয়াল শুক্লবৈদ্যৰ জনসম্পৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডেই আগভাগ লৈ মহিলা সাংস্কৃতিক সংগঠনটোক ছেনিটাইজাৰ প্ৰদান কৰিছিল।

Leave A Reply

Your email address will not be published.