আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত অনুষ্ঠিত হয় বক্তৃতানুষ্ঠান

0 326

ৰঙাপৰা মহাবিদ্যালয়ত আজি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত অনুষ্ঠিত হয় এক মনোজ্ঞ বক্তৃতানুষ্ঠান । অনুষ্ঠানত সমল ব্যক্তি হিচাপে শোণিতপুৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাত্তা, দৰং মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক উপেন্দ্ৰনাথ শৰ্মা উপস্থিত থাকে। অনুষ্ঠানত অভিজ্ঞান শকুন্তলম আৰু অসমীয়া সাহিত্যত পাশ্চাত্য প্ৰভাৱ বিষয়ক আলোচনা, মত বিনিময় অনুষ্ঠিত হয় । মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই বক্তৃতানুষ্ঠানখন পৰিচালনা কৰে । মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰৱক্তা অশ্বিনী কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানত অসমীয়া সাহিত্যত পাশ্চাত্য প্ৰভাৱ, অসমীয়া সাহিত্যত আধুনিকতাবাদৰ গুৰুত্ব, অসমীয়া সাহিত্যৰ বিকাশত বাঁহী, আৱাহন, জয়ন্তী আদি কাকত-আলোচনীৰ ভূমিকা, সাহিত্যৰ মাজেদি অসমীয়াৰ জাতীয় চেতনাবোধ, অসমীয়া কাব্য সাহিত্যত অভিজ্ঞান শকুন্তলমৰ স্থান বিচাৰ ইত্যাদি বিষয়ত আলোকপাত কৰে সমল ব্যক্তিদ্বয়ে । অনুষ্ঠানটোৰ ৰঙাপৰা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ ৰণেন্দ্ৰ মোহন ডেকা, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক অতুল শৰ্মা, যুৱ লেখক প্ৰাঞ্জল প্ৰতিম বৰাসহ ভালেমান বিশিষ্ট ব্যক্তি, ভালেমান শিক্ষক, শিক্ষাৰ্থী উপস্থিত থাকে ।
খবৰ যুগুতালে বালিপৰাৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰাই..

Leave A Reply

Your email address will not be published.