আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তক ছিক্স এ ছাঁইড ক্ৰিকেট ফেডাৰেচন অফ ইণ্ডিয়াৰ উপ সভাপতি নিযুক্ত

0 278

ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা বৰ্তমান কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তক দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সন্মানীয় সংস্থা  ছিক্স – এ – ছাইদ ক্ৰিকেট ফেডাৰেচন অফ ইণ্ডিয়া এছ এ এছ চি এফ আইয়ে উপ সভাপতি পদত নিযুক্তি দিছে।
 
আজি এছ এ এছ চি এফ আই ৰ সচিব প্ৰধান দেৱ বলহাৰাই আজি এক পত্ৰ যোগে পাৰ্থসাৰথি মহন্তক তেওঁক সন্মানীয় উপ সভাপতি পদত নিযুক্তি দিয়াৰ বিষয়ে অৱগত কৰে ।উল্লেখ্য স্কুল গেমছ ফেডাৰেচন অফ ইণ্ডিয়া ( এছ জি এফ আই ) আৰু এছোচিয়েচন অফ ই ইউনিভাৰচিটি গেমছ ( এ আই ইউ ) ৰ স্বীকৃতিপ্ৰাপ্ত এছ এ এছ চিএফ আই এক সন্মানীয় সংস্থা হিচাপে বিবেচিত। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনত বহুদিন ধৰি জড়িত হৈ থকাৰ সূত্ৰে মহন্তক উপ সভাপতি পদ যঁচা হৈছে বুলি সংস্থাটোৰ সূত্ৰত প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.