আৰক্ষী সঞ্চালক প্ৰধানে সন্মান জনালে দুই ক্ৰীড়াবিদক

0 178

বুধবাৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ডব্লিউএইচচি পল্লৱী দাস আৰু ডব্লিউপিচি টুনলাই নাৰ্জাৰীক ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে  বিশেষ সন্মান প্ৰদান কৰে। ডব্লিউএচচি পল্লৱী দাসে আৰ্চাৰীত দুটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰা বিপৰীতে ডব্লিউপিচি টুনলাই নাৰ্জাৰীয়ে শ্বট-পুটত এটা স্বৰ্ণ পদক,হেমাৰ থ্ৰ’ত ৰূপৰ পদক লাভ কৰিছে।
 
উল্লেখযোগ্য যে দুয়োগৰাকী খেলুৱৈয়ে ইতিপূৰ্বে বহুতো ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষী প্ৰধান গৰাকীয়ে তেওঁলোকৰ প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীসকলক যথেষ্ট প্ৰশংসা কৰে।অসম আৰক্ষীত নতুন প্ৰতিভা চিনাক্তকৰণ কৰি উপযুক্ত প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে আৰক্ষী প্ৰধানগৰাকীয়ে।

Leave A Reply

Your email address will not be published.