আৰম্ভ হ’ল আত্মনিৰ্ভৰশীল ভাৰত অভিযান

0 252

ক’ৰণা ভাইৰাছৰ ফলত সমগ্ৰ দেশতে ঘোষিত হ’ল জনতাৰ লকডাউন। এই লকডাউনৰ ফলত দেশৰ অৰ্থনীতি ব্যৱস্থা নিম্নগামী হৈ পৰে। বিশেষকৈ খাটি খোৱা জনগণৰ অৱস্থা একেবাৰে জুৰুলা হৈ পৰে।
 
 
এই সকলোবোৰ দিশৰ  প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী সমৃদ্ধি আত্মনির্ভৰশীল ভাৰত আঁচনি হাতত লৈছে। এই আঁচনিৰ অংশস্বৰুপে পদপথৰ ব্যৱসায়ীক মন্ত্ৰী পিয়ুষ হাজৰিকাই দহ হাজাৰ টকাকৈ চেক প্ৰদান কৰি শুভাৰম্ভ কৰে।
 
আনহাতে ধেমাজি নগৰৰ ৯গৰাকী পুৰুষ, মহিলা পদপথৰ ব্যৱসায়ীক নগৰীয়া জীৱিকা অভিযানৰ তত্বাৱধানৰ অধীনত চেক বিতৰণ কৰে। নগৰ উন্নয়ন, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী হাজৰিকাই চলিত মাহৰ ভিতৰতে ৰাজ্যখনৰ বিভিন্ন নগৰ পৌৰ এলেকাৰ পদপথৰ ব্যৱসায়ীক আৰ্থিক সকাহ দিয়াৰ বাবে বেংকৰ যোগেদি দহ হাজাৰ টকাকৈ সুতবিহীন ঋণ প্ৰদান কৰা হ’ব বুলিও মন্তব্য কৰে।
 
 
ধেমাজি ডি আৰ ডি এৰ সভাকক্ষত অনুষ্ঠিত এই সভাত সাংসদ প্ৰদান বৰুৱা, বিধায়ক ডাঃ ৰণোজ পেগুৰ লগতে ধেমাজি জিলা উপায়ুক্ত, প্ৰশাসনিক বিষয়া, ৰাজ্যিক নগৰীয়া অভিযানৰ মিছন সঞ্চালক সুভাষ দাস উপস্থিত থাকে। ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত ৫৩০ টা পি এম এৱাই নগৰীয়া গৃহ আধাৰশিলা স্থাপন কৰি প্ৰথম কিস্তি ৮০ হাজাৰ টকাকৈ মুঠ ৪.২৪ কোটি টকা চেক বিতৰণ কৰে।

Leave A Reply

Your email address will not be published.