আৰম্ভ হ’ল ঐতিহাসিক বাদুলি খোৰোং মেলা

0 417

নগাঁও জিলাৰ দক্ষিণ পূব প্ৰান্তৰ ঐতিহাসিক কন্দলি পাহাৰত উদুলি মুদুলি পৰিবেশে আৰম্ভ হৈছে বাদুলি খোৰোং মেলা।প্ৰতিবছৰে শিৱৰাত্রীৰ এদিন পিছৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰু পৰম্পৰাগত ভাৱে উদযাপিত হয় ঐতিহাসিক বাদুলি খোৰোং মেলা।
 
বিভিন্ন জনবিশ্বাস আৰু কিংবদন্তিৰে ভৰা কন্দলি পাহাৰৰ বুকুত থকা বিস্ময়কৰ এটি শিলৰ গুহাত বছৰ বছৰ ধৰি  হেজাৰ হেজাৰ ৰং বিৰঙৰ বাদুলিয়ে বাস কৰি আহিছে । স্মৰ্তব্য যে এই শিলৰ গুহাটোক কেন্দ্ৰ কৰি বিগত ১৯ টা বছৰে অনুষ্ঠিত হৈ অহা বাদুলি খোৰোং মেলালৈ অসমৰ বিভিন্ন প্ৰান্তৰ অগণন লোকে ঢাপলি মেলি আহে । প্ৰবাদ মতে, প্ৰাক বৈষ্ণৱ যুগত কন্দলিত ৰাণী প্ৰমিলাই ৰাজত্ব কৰাৰ সময়ত এই গুহাটো আছিল। সেই ৰাজ্যত কেৱল নাৰীহে আছিল, পুৰুষ  নাছিল। যদিহে কোনো পুৰুষে গোপনে প্ৰবেশ কৰিবলৈ চেষ্টা কৰে তেন্তে ৰাজ্যৰ নিয়ম অনুসৰি তাক গুৰুত্বৰ অপৰাধ হিচাপে গণ্য কৰা হয় আৰু সেই পুৰুষক কঠোৰ শাস্তি প্ৰদান কৰা হৈছিল। এবাৰ এগৰাকী ঋষিয়ে কৌতুহল দমাব নোৱাৰি  নাৰী সকলেনো এই গুহাৰ ভিতৰত কি কৰে তাকে চাবলৈ গুহাত মনে মনে প্ৰবেশ কৰে আৰু সেই কথা  ৰাজ্যৰ গুপ্তচৰৰ হাতত পৰাত ঋষি ধৰা পৰে। ৰাণী প্ৰমীলাই ঋষিক দোষী সাবস্ত্য কৰি শিলত ওলমাই কঠোৰ শাস্তি প্ৰদান কৰে। সেই কাৰ্যত ঋষি খঙত অগ্নিশৰ্মা হৈ ৰাজ্যৰ সকলো নাৰীকে গুহাৰ শিলত বাদুলি হৈ ওলমি থাকিবলৈ অভিশাপ দিয়াত লগে লগেই সকলো নাৰী বাদুলি হৈ গুহাৰ শিলত ওলমি ৰয়। জনবিশ্বাস অনুসৰি সেয়াই যেন হাজাৰ হাজাৰ  অভিশপ্ত বাদুলি ৰূপী কন্দলি ৰাজ্যৰ নাৰী। গুহাৰ অভ্যন্তৰ ভাগত  আছে বামুণী গোঁসাই থান। ইয়াতেই প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহ আহি এগছি বন্তি আগবঢ়াই মনৰ ইচ্ছা পুৰণ হোৱাৰ কামনা  কৰে আৰু ভিন্ন ৰঙী বাদুলিবোৰ চাবলৈ আগ্ৰহ কৰে। ইয়াতেই ২০০১ চনৰ পৰা প্ৰতি বছৰে এই ঐতিহাসিক বাদুলি খোৰোং মেলা প্ৰতিবছৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰি আহিছে।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.