আৰম্ভ হ’ল শিশু চলচিত্ৰ মহোৎসৱ

0 276

শিশু সকলৰ মানসিক উৎকৰ্ষ সাধন, ব্যক্তিত্ব বিকাশৰ লক্ষ্য ৰাখি আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে প্ৰথম আন্তৰাষ্ট্ৰীয় শিশু চলচিত্ৰ মহোৎসৱ ।জ্যোতি চিত্ৰবনৰ উদ্যোগত অনুষ্ঠিত হোৱা শিশু চলচিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে শিশুসকলে এতিয়াৰে পৰা সুনাগৰিক হ’বলৈ যত্নপৰ হ’ব লাগে।সফলতাৰ কোনো চৰ্টকাট নাই।চলচিত্ৰ মহোৎসৱ উপভোগ কৰি শিশুসকলে গুৰুত্বপূৰ্ণ কথাবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে ।আনহাতে জ্যোতি চিত্ৰবনৰ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে এই মহোৎসৱত ২৩খন দেশৰ ৫০খন চিনেমা প্ৰদৰ্শিত হ’ব।পৰৱৰ্তী সময়ত ৬খনকৈ জিলাত এনেধৰণৰ মহোৎসৱ আয়োজন কৰা হ’ব ।আনহাতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শিশু অভিনেতা তথাস্তুৱে অসমৰ মানুহৰ সৰলতা আৰু অসমৰ স্বচ্ছ পৰিবেশক প্ৰশংসা কৰে।অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.