আৰ্ট কৰ্মশালা সম্পন্ন

0 176

দক্ষিণ কামৰূপৰ কেইবাখনো আৰ্ট স্কুলৰ শিক্ষকৰ উমহৈতীয়া মঞ্চ অ’ৰিয়েল আৰ্ট এণ্ড ডিজাইন একাডেমীৰ উদ্যোগত আৰু শিশু সামগ্ৰীৰ বিপনী ৰ’দ কাঁচিয়লিৰ সহযোগত ৰামপুৰস্থিত কালি প্ৰসাদ দাস হাইস্কুলত যোৱা ২০ জুলাইৰ পৰা অনুষ্ঠিত হোৱা সৃষ্টিশীল আৰ্ট কৰ্মশালাৰ কালি  সামৰণি পৰে‌। দক্ষিণ কামৰূপ অঞ্চলত শিল্পকলাৰ পৰিবেশ সৃষ্টিৰ লগতে নতুন প্ৰজন্মৰ শিক্ষাৰ্থীৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে অ’ৰিয়েল আৰ্ট এণ্ড ডিজাইন একাডেমীয়ে ২০০৩ চনৰ পৰাই এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। উক্ত কৰ্মশালাত এইবাৰ সহযোগ কৰে বিজয় নগৰস্থিত শিশুসকলৰ সামগ্ৰী সমৃদ্ধ বিপনী ৰ’দ কাঁচিয়লিয়ে। কৰ্মশালাত শিশুসকলক চিত্ৰাংকনৰ আৰ্হি প্ৰস্তুতকৰণ, ক’ফি পেইণ্টিং, ক্ৰাফট তথা ক্লে’ম ডেলিং আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক তিনিদিনীয়াকৈ আৰ্ট প্ৰশিক্ষণ প্ৰদানৰ অন্তত শিক্ষাৰ্থীসকলে নিজ হাতেৰে প্ৰস্তুত কৰা চিত্ৰসমূহক লৈ এখনি চিত্ৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰে। উক্ত প্ৰদৰ্শনীত পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুস্বপ্না কাকতি, বিশিষ্ট সমাজকৰ্মী পংকজলোচন গোস্বামী, অ’ৰিয়েল গ্ৰুপৰ মুৰব্বী তথা আৰ্ট শিক্ষক ৰনদ্বীপ কলিতা আদিকে ধৰি বহুকেইজন বিশিষ্ট লোক অংশ গ্ৰহণ কৰি প্ৰদৰ্শনীত শিক্ষাৰ্থীসকলৰ প্ৰতিভাসমূহ দেখি আপ্লুত হৈ পৰে। দুটা শাখাত অনুষ্ঠিত হোৱা আৰ্ট কৰ্মশালাৰ ‘ক’ শাখাৰ প্ৰথম স্থান জ্যোতিৰাদিত্য দাস, দ্বিতীয় স্থান দ্বিমন মজুমদাৰ, তৃতীয় স্থান জানমণি দাস সেইদৰে ‘খ’ শাখাত প্ৰথম স্থান অঞ্জু কলিতা, দ্বিতীয় স্থান হিৰকজ্যোতি দাস আৰু তৃতীয় স্থান দখল কৰে মানস দাসে।

 

Leave A Reply

Your email address will not be published.