আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছে ব্যৱসায়ী দম্পত্তিয়ে

0 436

যোৰহাট জিলাৰ মৰিয়ণীৰ ৫৬নং দক্ষিণ কৰঙা গাঁও পঞ্চায়তৰ অধীনৰ ১৩০ টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে মৰিয়ণী কৰঙা গজপুৰীয়া গাঁৱৰ ব্যৱসায়ী দম্পতি প্ৰবীণ শইকীয়া আৰু মুনমী বৰুৱা শইকীয়াই। সামাজিক দুৰত্বৰ লগতে সকলো চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি দম্পতি দ্বয়ে প্ৰতিটো পৰিয়ালৰ ঘৰৰ সন্মুখলৈ গৈ খাদ্য সামগ্ৰী সমুহ বিতৰণ কৰে। প্ৰতিটো পৰিয়ালক  চাৰি কেজি চাউল, দুই কেজি আলু, আধা কেজি পিয়াজ, এক লিটাৰ মিঠাতেল, এক কেজি মচুৰ দাইল আৰু এপেকেট নিমখ আগবঢ়ায় ব্যৱসায়ী দম্পতিদ্বয়ে। ব্যৱসায়ী দম্পতি দ্বয়ৰ এই মহানুভৱতাক অঞ্চলটোৰ সকলোৱে শলাগ লৈছে ।
খবৰ যুগুতালে মৰিয়ণীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে
 

Leave A Reply

Your email address will not be published.