আৰ্থ সামাজিক উন্নয়নৰ বাবে কাঁহিকুছিৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ ছয় সপ্তাহযোৰা কৰ্মশালা অনুষ্ঠিত

0 222

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি ) অধীনস্থ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ ই টি চিয়ে বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ গাঁও পঞ্চায়ত সমূহৰ নিৰ্বাচিত প্ৰতিনিধি সকলক তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ লগতে পঞ্চায়ত সমূহৰ জৰিয়তে সাধাৰণ ৰাইজে যাতে জীৱিকা নিৰ্বাহৰ পথ বা বিকল্প সংস্থাপন উলিয়াব পাৰে তাৰ বাবে বিশেষ অভিযান , প্ৰশিক্ষণ , কৰ্মশালা আদি অনুষ্ঠিত কৰি আহিছে । ইয়াৰ অংশহিচাপে পহিলা নৱেম্বৰৰ পৰা ই টি চিৰ অধীনত চলি থকা ছয় সপ্তাহযোৰা কৰ্মশালাৰ ,১০ ডিচেম্বৰত সফল সামৰণি পৰে । ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলায়ে জানিবলৈ দিয়া মতে এই কৰ্মশালাত কামৰূপ , কামৰূপ মহানগৰ , গোৱালপাৰা আৰু মৰিগাঁও জিলাৰ ২৬ টা উন্নয়ন খণ্ডৰ অধীনৰ ২৮০ খন গাঁও পঞ্চায়তক সামৰি লোৱা হৈছিল । মূলত পঞ্চায়ত সমুহৰ পৰা দৰিদ্ৰতা দূৰ বা হ্ৰাস কৰা , পৰিকল্পনা আৰু পঞ্চায়ত উন্নয়ন পৰিকল্পনাত ইয়াৰ অন্তৰ্ভূক্তিকৰণৰে পঞ্চায়ত সমূহক অধিক শক্তিশালী ৰূপত গঢ় দিয়াৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল । তেনেদৰে প্ৰতিটো পঞ্চায়তৰ বাবে দুদিনকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল । এই কৰ্মশালাত গাঁও পঞ্চায়ত সমূহৰ সভাপতি ,সদস্য , পঞ্চায়ত সংগঠনৰ নিৰ্বাচিত সদস্য , জীৱিকা সখী , অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড সমন্বয়ক , সকলে প্ৰশিক্ষাৰ্থী হিচাপে ভাগ লৈছিল । আনহাতে চাৰিখন জিলাত সম্পন্ন হোৱা কৰ্মশালা বিশেষভাবে তদাৰক কৰে খানাপাৰাস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান চমুকৈ এছ আই আৰ ডিৰ উপ সঞ্চালকত্ৰয় ক্ৰমে পবিত্ৰ কলিতা , সুৰজিৎ বৰগোঁহাই আৰু অমিত ক’ৰে । তেনেদৰে ই টি চিৰ ফেকাল্টি ক্ৰমে ডঃ ৰিদীপ বৰা , গীতাশ্ৰী দাস , মনোৰঞ্জন চৌধুৰী , ফুলেশ্বৰ চহৰীয়া , মৃগাংক বৰকাকতি আৰু উৎপলজ্যোতি বৰাৰ উপৰিও খণ্ড পৰ্যায়ৰ বিভিন্ন প্ৰতিষ্ঠানৰ ৫০ জন আৰু জিলা পৰ্যায়ৰ ১০ জন সমল ব্যক্তিয়ে প্ৰশিক্ষক হিচাপে কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে । তেনেদৰে ই টি চিৰ গাণনিক হেমেন বৈশ্যকে ধৰি কেবাজনো বিষয়া – কৰ্মচাৰী , পঞ্চায়ত প্ৰতিনিধি সকলে কৰ্মশালাৰ প্ৰশিক্ষণ কাৰ্যসূচীত সকলো ধৰণৰ সহায় – সহযোগিতা আগবঢ়ায় । ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলায়ে জানিবলৈ দিয়া মতে কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষাৰ্থী সকলক তেওঁলোকে যাতে নিজ নিজ গাঁও পঞ্চায়তত মহিলা আত্মা সহায়ক গোট সমূহক অধিক আৰ্থিক ভাৱে স্বাৱলম্বী কৰিব পাৰে , পঞ্চায়তৰ জৰিয়তে জীৱিকাৰ ক্ষেত্ৰ সমূহ উলিয়াই দৰিদ্ৰতা দূৰ কৰাত গুৰুত্ব আৰোপ কৰিব পাৰে , আঁচনি সমূহৰ সফল ৰূপায়ণৰে মহিলা সকলৰ আৰ্থ সামাজিক বিকাশৰ আঁচনি সমূহৰ সফল ৰূপায়ণ কৰি গাঁও পঞ্চায়ত এলেকাৰ চেহেৰাই সলনি কৰিব পাৰে তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছিল।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.