ইউ এফ অ`কলৈ অনুসন্ধান কৰিব নাছাই

0 218

ইউ এফ অ` অৰ্থাৎ আন আইডেন্টিফাইড ফ্লাইং অৱজেক্টে বছৰ বছৰ ধৰি মানুহৰ মনত কৌতুহলৰ সৃষ্টি কৰি আহিছে।বহুতে ইয়াক উৰন্তক চাকি বুলি মন্তব্য কৰে।ইউএফঅ’ৰ ধাৰণাটোক কেন্দ্ৰ কৰিয়ে ইতিমধ্যেই হলিউদ-বলিউদত বহু ছবি নির্মাণ হৈছে।
অসমৰ আকাশতো ইউএফঅ`ক দেখা কথা কিছু বছৰৰ আগতে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। ইউএফঅ’ক লৈ বহুতে সন্দেহ প্ৰকাশ কৰে যে ইউএফঅ’য়ে ফটো অথবা ভিডিঅ’পৃথিৱীৰপৰা লয় নেকি?
ইউএফঅ’ক লৈ মানুহৰ ধাৰণা কল্পনাপ্রসূত বুলিয়েই বিজ্ঞানীসকলে দাবী কৰি আহিছিল যদিও শেহতীয়াকৈ আমেৰিকা এটা সংস্থাই ইউএফঅ’ৰ সম্পৰ্কে অনুসন্ধান কৰিব।
এই বিষয়ত আমেৰিকান কংগ্রেছতাে বিষয়টো উত্থাপিত হােৱাৰ পাছতে নাছায়াে গুৰুত্ব আৰােপ কৰিছে। ইয়াৰ বিজ্ঞানভিত্তিক অনুসন্ধান চলাবলৈ নাছাৰ বিজ্ঞানীসকলক নির্দেশ দিছে সংস্থাটোৰ মুৰব্বী বিল নেলছনে। যােৱা মাহত নাছাৰ মুৰব্বীৰ দায়িত্ব গ্রহণ কৰা নেলছনে কয়,দায়িত্ব লােৱাৰ পাছত মই নাছাৰ বিজ্ঞানীসকলক কৈছাে যে ইউএফঅ’ আচলতে কি বস্তু, সেয়া বৈজ্ঞানিকভাৱে জনা আৰু বুজাৰ চেষ্টা কৰা প্ৰয়োজন।

Leave A Reply

Your email address will not be published.