ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰণ মালকাৰ বঙৰাস্থিত টেকচিটি পৰিদৰ্শন

0 252

অসমৰ জলন্ত সমস্যা হিচাপে পৰিগণিত হোৱা বান আৰু খহনীয়া সমস্যাৰ বিজ্ঞান সন্মত সমাধানত সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ইজৰাইলৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ডঃ ৰ’ণ মালকাই। আজি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমানবন্দৰৰ কাষৰীয়া বঙৰাস্থিত অসম চৰকাৰৰ এমট্ৰনৰ অধীনৰ টেকচিটি পৰিদৰ্শন কৰি সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত এই মন্তব্য আগবঢ়াই ডঃ ৰ’ণ মালকাই।
 
 
 
ডঃ মালকাই কয় ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা আমাক অসমৰ বান খহনীয়া সমস্যাৰ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ আৰু তথ্য প্ৰযুক্তিৰ দিশটোৰ উন্নয়ন সাধনকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগ কৰিবলৈ অনুৰোধ জনাইছে । আমি সেই অনুৰোধ ৰক্ষা কৰি অসম চৰকাৰে বিচৰা ধৰণে সহযোগিতা আগবঢ়াম। ইতিমধ্যে এই সম্পৰ্কীয় প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰা হৈছে বুলি ডঃ ৰ’ণ মালকাই ব্যক্ত কৰে।
 
আনহাতে পৰিদৰ্শন কালত উপস্থিত থকা অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি আৰু বিজ্ঞান বিভাগৰ মন্ত্ৰী কেশৱ মহন্তয়ো সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কয় ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ লগতে তেওঁৰ সৈতে অহা প্ৰতিনিধি দলৰ সৈতে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত বান খহনীয়া সমস্যাৰ সমাধানৰ বাবে বিতংকৈ আলোচনা কৰা হৈছে। সেই অনুসৰি সমস্যা সমাধানৰ বাবে তথ্য প্ৰযুক্তিৰ বিনিময় আৰু অসমৰ জলসম্পদ বিভাগৰ বিশেষজ্ঞ আৰু অভিযন্তাৰ এটা দল বিজ্ঞান সন্মত অধ্যয়নৰ বাবে শীঘ্ৰে ইজৰাইললৈ যাব। তাৰপাছত বান খহনীয়াৰ স্থায়ী বিজ্ঞান সন্মত ব্যৱস্থা গ্ৰহণৰ কাম আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰী কেশৱ মহন্তই সদৰি কৰে।
 
 
প্ৰথম বাৰৰ বাবে সপত্নীক আৰু এটা উচ্চ পৰ্যায়ৰ সজাতি দলৰ সৈতে টেকচিটিলৈ অহা ইজৰাইলৰ ৰাষ্ট্ৰদূত গৰাকীক অসমীয়া পৰম্পৰাগত জাপি আৰু গামোছাৰে আদৰণি জনায় এমট্ৰনৰ অধ্যক্ষ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । পৰিদৰ্শন কালত এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, পৰিচালন সঞ্চালক মহেন্দ্ৰ কুমাৰ যাদৱকে ধৰি কেইবাজনো বিষয়া, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন উপস্থিত থাকে।
খবৰ যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.