ইতিবাচকভাৱে এন আৰ এলত সক্ষম ২০২১ ৰ সামৰণি

0 259

সেউজ আৰু নিৰ্মম শক্তি মূলমন্ত্ৰৰে দেশজুৰি আৰম্ভ হৈছে জনসজাগতা কাৰ্যসূচী।এই কাৰ্যসূচী যোৱা ১৬ ফেব্ৰুৱাৰীত সামৰণি পৰে।পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উদ্যোগত অমূল্য তেল আৰু গেছ সম্পদ ৰ যি সংৰক্ষণৰ বিষয়ে সৃষ্টি কৰিবলৈ পেট্ৰলিয়াম কনজাৰভেছন ৰিচাৰ্ছ এচোছিয়েছনে এই কাৰ্যসূচী আয়োজন কৰিছে।
চতুৰ্থ বাৰৰ বাবে আয়োজিত হোৱা এই কাৰ্যসূচী যোৱা ১৫ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈকে চলি আছিল। এই কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত এন আৰ এলৰ সকলো কৰ্মচাৰী বিষয়ববীয়া উপস্থিতিত বিষয়ববীয়াক ভাৰ্চুৱেল সভাত সক্ষমৰ শপত বাক্য পাঠ কৰায়।পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু এন আৰ এলৰ এম ডি এছ কে বৰুৱাই সংৰক্ষণৰ বাৰ্তা সকলো আভ্যন্তৰীণ যোগাযোগ কৰা লগতে চ`চিয়েল মিডিয়া প্লেটফৰ্মৰত শ্বেয়াৰ কৰে।
এন আৰ এলৰ এম ডি এয়ে অইল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শন যোগে সাক্ষাৎকাৰ সংৰক্ষণত গুৰুত্ব ওপৰত মতামত বক্তব্য আগবঢায়। এন আৰ এলৰ চ’চিয়েল মিডিয়া প্লেটফৰ্মৰ শক্তি আৰু ইন্ধন সংৰক্ষণ ওপৰতো চ’চিয়েল মিডিয়াত অভিযান চলোৱা হয়। শোধনাগাৰ ইন্ধন সংৰক্ষণৰ দক্ষতা বৃদ্ধি ওপৰত গুৰুত্ব প্ৰদান কৰি ক্ষেত্ৰ পৰ্যায়ৰ সকলো সজাগতা সভা শৃংখলা ফিল্ডত কেবিনেট আয়োজন হয়।ৰিফাইনেৰেই ইউনিটৰ ভাপ লিকৰ উন্নয়নৰ বাবে ইউনিটৰ আভ্যন্তৰীণ ভাপ লিকৰ জৰীপ সম্পন্ন কৰা হয়।
বায়ু আৰু গেছযুক্ত নাইট্ৰজেন নেটৱৰ্কৰ লিকৰ জৰীপ সমগ্ৰ ইউটিলিটী আৰু অফচাইট এলেকাত সম্পাদনা হয়।৮ ফেব্ৰুৱাৰীত নুমলীগড়ৰ ওচৰৰ কল্পতৰু একাডেমিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সমূহৰ মাজত তেল আৰু গেছ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এক বিদ্যালয় সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।অনুষ্ঠানত যুৱক যুৱতী,গৃহিনী,ৰান্ধনী,ধাই,গাড়ীচালক,ফ্ৰিট অপাৰেটৰ আদিৰ মাজত শক্তি আৰু ইন্ধন সংৰক্ষণৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে ৰিফাইনেৰীৰ দাঁতিকাষৰীয়া এলেকা সমূহত কোম্পানীৰ দ্বাৰা অন্য ভালেমান কাৰ্যসূচীৰো আয়োজন কৰা হয়।কৰ্মচাৰী সকলৰ মাজত ইন্ধন সংৰক্ষণৰ ওপৰত এক ই-কুইজৰো আয়োজন কৰা হয় আৰু এন আৰ এল টাউনশ্বিত যান-বাহনৰ নিগমৰ পৰীক্ষা কৰা হয়।৩১ জানুৱাৰী,২০২১ ত শিলচৰত এন আৰ এল ৰ দ্বাৰা সক্ষম ২০২১ চাইক্ল’থন আয়োজন কৰা হয় য’ত ৬০০ ৰো অধিক চাইক্লিষ্টে অংশগ্ৰহণ কৰে।
বিভাগীয় আৰু ফাংচনেল মুৰব্বীৰ উপস্থিতত ১৫ তাৰিখে ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠিত সামৰণি অনুষ্ঠানেৰে ২০২১ ৰ সামৰণি পৰে য’ত সংৰক্ষণৰ গুৰুত্ব আৰু তেল,গেছ সম্পদসমূহ সংৰক্ষণৰ সংকল্প পুনৰ দোহৰা হয়।সামৰণি অনুষ্ঠানতেই বিভিন্ন প্ৰতিযোগিতাৰ পদক প্ৰাপকক পুৰষ্কৃত কৰা হয়।

Leave A Reply

Your email address will not be published.