ইতিহাস প্ৰসিদ্ধ কাজলী চকীত গ্ৰাম্য পৰ্যটনৰ সভা অনুষ্ঠিত

0 302

এন ই ফ’কাচ ডট কমৰ উদ্যোগত ভাৰত পৰ্যটনৰ সহযোগত আজি চন্দ্ৰপুৰৰ সমীপৱৰ্তী কাজলী চকীত গ্ৰাম্য পৰ্যটন সম্পৰ্কীয় জনসজাগতামূলক সভা অনুষ্ঠিত হয়।
কাজলী চকী এম ই স্কুলৰ প্ৰাংগনত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকি লেখক,দৈনিক অসম কাকতৰ উপ সম্পাদক পুলিন কলিতাই গ্ৰাম্য পৰ্যটন প্ৰসাৰৰ বিভিন্ন দিশৰ সম্পৰ্কত বক্তব্য ৰাখে।এই অনুষ্ঠানত উপস্থিত থাকি পৰিৱেশ কৰ্মী মবিনা আখতাৰে থলুৱা খাদ্য,সাজপাৰ, সংস্কৃতিয়ে কিদৰে পৰ্যটকৰ আকৰ্ষণ কৰিব পাৰে সেই সম্পৰ্কে মন্তব্য কৰে।
উল্লেখ্য যে ইতিহাস প্ৰসিদ্ধ কাজলী চকীয়ে শৰাইঘাট যুদ্ধৰ স্বাক্ষৰ বহন কৰে।এতিয়া কাজলী চকী শৰাইঘাট যুদ্ধৰ গুলি বাৰুদ মজুত আছে।সভাত কাজলী চকী উন্নয়ন সমিতিৰ সমূহ বিষৰববীয়া উপস্থিত থাকে।অনুষ্ঠানৰ লগত সংগতি ৰাখি বিহু আধুনিক নৃত্য,নাগাৰা বিহু নামৰ এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
উল্লেখ্য যে ভাৰত পৰ্যটনে উত্তৰ পূবৰ বিভিন্ন ঠাইসমূহত এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।আনহাতে এন ই ফ’কাচ ডট কমেও ২০১৬ চনৰ পৰা পৰ্যটনৰ বিভিন্ন ক্ষেত্ৰ সমূহ বিষয়ে পদক্ষেপ গ্ৰহণ কৰি আহিছে।অনুষ্ঠানত গ্ৰাম্য পৰ্যটনৰ প্ৰবক্তা সুৰভী নেওগ,লেখক পুলিন কলিতা, পৰিৱেশ কৰ্মী মবিনা আখতাৰ ,এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়া,চন্দন দুৱাৰা,ঘোষিকা দর্শনা বৰুৱাৰ লগতে কাজলী চকী উন্নয়ন সমিতিৰ বিষয় ববীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.