ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনি আৰু ৰাষ্ট্ৰীয় সামাজিক সাহাৰ্য্য আঁচনিৰ অধীনত ১০,১৪,২৮৭ গৰাকী হিতাধিকাৰীলৈ ৯১.২২ কোটিতকৈ অধিক টকাৰ পেন্সন মুকলি

0 267

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মাৰ্গদৰ্শনত ৰাজ্য চৰকাৰে নিজা পুঁজিৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰাজ্যৰ বিধৱাসকলৰ বাবে যোৱা এপ্ৰিল মাহত সাৰ্বজনীন ভাৱে আৰম্ভ কৰা ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ অধীনত এতিয়ালৈকে ১,৬৭,১৯৬ গৰাকী হিতাধিকাৰীলৈ লাভম্বিত হৈছে।এই আঁচনিৰ অধীনত চলিত সপ্তাহত ৫৫৬.৭৪০ লাখ টকাৰ পেন্সন মুকলি কৰি দিয়া হয়।
 
 
আনহাতে ৰাষ্ট্ৰীয় সামাজিক সাহাৰ্য্য আঁচনিৰ অধীনত বৃদ্ধ পেন্সনৰ ৭,০০২৬৮ গৰাকী হিতাধিকাৰীলৈ ৭১৫১.৭২৩ লাখ টকা বিধৱা পেন্সন আঁচনিৰ অধীনত ১,১২,০০০ গৰাকী হিতাধিকাৰীলৈ ১০৯৯.৬২৩ লাখ টকা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে পেন্সনৰ অধীনৰ ৩৪,৮২৩ গৰাকী হিতাধিকাৰীলৈ ৩১৪,২২ লাখ টকা পেন্সন মুকলি কৰি দিয়া হয়।এনেদৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে তৎপৰতাত গ্ৰামোন্নন বিভাগৰ অধীনত ১০,১৪,২৮৭ গৰাকী হিতাধিকাৰীলৈ চলিত সপ্তাহত মুঠ ৯১.২২ কোটিকৈও অধিক পেন্সন পোনপটীয়াকৈ হিতাধিকাৰী একাউন্টত প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে নিজা পুঁজিৰে আৰম্ভ কৰা ওপৰত উল্লেখিত সাৰ্বজনীন বিধবা পেন্সন আঁচনিৰ খনৰ জৰিয়তে অন্য কোনো চৰকাৰী আঁচনিৰ অধীনত পেন্সন লাভ নকৰা ১৮ৰ পৰা ৫৯ বছৰ বয়সৰ বিধৱা সকলক প্ৰতিমাহে ৩০০ টকাকৈ প্ৰদান কৰা হয়।
 
ক’ভিড-১৯ মহামাৰী ফলত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ জোৰা মাৰিবলৈ নগৰ গাঁও অঞ্চলকে ধৰি সমগ্ৰ ৰাজ্য খনত থকা এনে ১,৪৩,৩১৮ গৰাকীক একেলগে চাৰিমাহৰ পেন্সন প্ৰদানেৰে এই আঁচনি শুভাৰম্ভ কৰা হৈছিল।এই আঁচনি অধীনত বাকী থকা যোগ্য বিধৱা সকলকো আগবাঢ়ি আহিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.