উইংক মিউজিকে ঘোষণা কৰিছে নৱৰাত্ৰি নাইটছৰ অনলাইন সংগীতানুষ্ঠান

0 220

এয়াটেলৰ উইংক মিউজিক(Wynk Music), ভাৰতৰ #1* মিউজিক ষ্ট্ৰীমিং এপ’এ প্ৰথমবাৰ অনলাইন সংগীতানুষ্ঠান ‘নৱৰাত্ৰি নাইটছ’ৰ আয়োজন কৰিছে। যি অনুষ্ঠান আয়োজনৰ কথা এয়াৰটেলে ঘোষণা কৰিছে। উৎসৱৰ মুহূৰ্তত আয়োজন কৰা অনলাইন সংগীতানুষ্ঠান ছিৰিজত লাইভ সংগীত পৰিবেশন কৰিব প্ৰখ্যাত সংগীত শিল্পী মিকা সিং, কিঞ্জল দভে, শচীন জিগাৰকে ধৰি বহু শিল্পীয়ে।
 
 
বিশেষভাৱে আয়োজন কৰা নৱৰাত্ৰি নাইটছ সংগীতানুষ্ঠান ১৭ অক্টোবৰৰ পৰা২৫ অক্টোবৰলৈ দৈনিক উইংক মিউজিকত সন্ধিয়া ৭ বজাৰ ৮ বজালৈ লাইভ পৰিবেশন হ’ব। ডিজিটেলভাৱে আয়োজন হ’বলগীয়া এই সংগীতানুষ্ঠান গোটেই পৰিয়ালে ঘৰতে বহি গৰ্বা বীটছ আৰু শ্ৰেষ্ঠ গীতৰ আনন্দ ল’ব পাৰিব। নৱৰাত্ৰি নাইটছক
উইংক ষ্টেজত আয়োজন কৰা হৈছে।
 
 
উপভোক্তাই মেছেজৰ জৰিয়তে গীতৰ অনুৰোধ আৰু নিৰ্দিষ্ট সময়ত শিল্পীসকলৰ সৈতে বাৰ্তাও কৰিব পাৰিব। উইংক ষ্টেজ শিল্পী সকলৰ বাবে এক আশীৰ্বাদস্বৰূপ, কিয়নো ইয়াৰদ্বাৰা শিল্পীসকলে শাৰীৰিক আধা অতিক্ৰম কৰি তেওঁলোকৰ অনুৰাগীসকলৰ কাষ চাপিব পাৰে। উইংক মিউজিকত নৱৰাত্ৰি নাইটছ সকলোৰে বাবে উপলব্ধ হ’ব। এয়াৰটেল গ্ৰাহকৰ বাহিৰেও বেলেগো ইয়াৰ আনন্দ ল’ব পাৰিব।
 
কেৱল আনন্দ লাভ কৰিবলৈ উইংক মিউজিক (iOS, Android) ডাউনলোড কৰিব লাগিব। এয়াৰটেল থেঙকছ(Thanks) আৰু উইংক মিউজিক প্ৰিমিয়াম গ্ৰাহকসকলে বিনামূলীয়া প্ৰৱেশাধিকাৰ লাভ কৰিব কিন্তু এয়াৰটেল থেঙকছ নথকা আৰু অনা এয়াৰটেল গ্ৰাহকসকলে ইয়াৰ দ্বাৰা সকলো ৯টা সংগীতানুষ্ঠান লাভ কৰিবলৈ এমাহৰ বাবে মাত্ৰ ২৯ টকাত উইংক প্ৰিমিয়ামত পঞ্জীভূক্ত হ’ব লাগিব।
 
প্ৰথম নিশা ডি জে খুচি থাকিব। পিছত চুপাৰ হিট গীত ‘ফেভিক’ল ছে’ৰ সংগীত শিল্পী মমতা শৰ্মা, ‘বলম পিছকাৰী’ খ্যাত শচীন জিগাৰ, ছালমলী খোলগডে(Shalmali Kholgade)ৰ লগতে পাৰ্থিভ গোহিল, সুক্ৰতী আৰু প্ৰকৃতি কাক্কাৰ, শ্ৰুতি পাঠক, কিঞ্জিল দেবে একেৰাহে গীত পৰিবেশন কৰিব। ২০২০ৰ ২৫ অক্টোবৰত চুপাৰষ্টাৰ মিকা সিঙৰ সৈতে গ্ৰেণ্ড ফিনালে আয়োজন হ’ব।
ভাৰতী এয়াৰটেলৰ মুখ্য প্ৰডাক্ট অফিচাৰ আৰু উইংকৰ চিইঅ’ আদৰ্শ নায়ৰে কয় আমাৰ নতুন উদ্ভাৱন উইংক মিউজিকে উপভোক্তাক সংগীতৰ আনন্দ দিয়াৰ নিশ্চয়তা দিয়ে। উৎসৱৰ সময়ত যাতে উপভোক্তাই বেজাৰ অনুভৱ নকৰি ঘৰতে সুৰক্ষিত থাকি সংগীতৰ আনন্দ ল’ব পাৰিব। আমি নৱৰাত্ৰি নিশাবোৰ সকলো উপভোক্তাৰ বাবে সুগম কৰাৰ প্ৰয়াস কৰিছোঁ। ইয়াত অনা এয়াৰটেল উপভোক্তাও আছে আৰু সমগ্ৰ ভাৰতক এই অনুষ্ঠান উদযাপনত আমাৰ সৈতে যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।

Leave A Reply

Your email address will not be published.