উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়-মহিলায়ো অৱতীৰ্ণ হ’ব পাৰিব NDA ৰ পৰীক্ষাত

0 279

দেশৰ উচ্চতম ন্যায়ালয়ে আজি এক ঐতিহাসিক ৰায় প্ৰদান কৰে।ভাৰতবৰ্ষত মহিলা সৱলীকৰণৰ ধাৰণাক প্ৰকৃতাৰ্থত মান্যতা প্ৰদান কৰি আজি উচ্চতম ন্যায়ালয়ে এই বুলি ৰায় দান কৰে যে এতিয়াৰে পৰা NDA ৰ পৰীক্ষাত মহিলাসকলেও অৱতীৰ্ণ হ’ব পাৰিব। উচ্চতম ন্যায়ালয়ে এটা অন্তৰ্ৱতীকালীন ৰায়ত একাংশ লোকৰ মানসিকতাকো চোকা সমালোচনা কৰে আৰু দেশৰ প্ৰতিৰক্ষা বাহিনীত পুৰুষৰ সমানে মহিলাসকলেও সুবিধা পোৱা উচিৎ বুলি মন্তব্য কৰে।
আজিৰ ৰায়টোৱে প্ৰতিৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ মানসিকতাৰ পৰিৱৰ্তন সাধিব পাৰিব বুলি আদালতে আশা প্ৰকাশ কৰে। যদি ইমানৰ পিছতো মানসিকতাৰ পৰিৱৰ্তন নহয় তেন্তে আদালতে মহিলাৰ স্বাৰ্থত অধিক কঠোৰ হ’বলৈ বাধ্য হ’ব বুলিও ৰায়টোত সকিয়াই দিয়া হৈছে। নীতি নিৰ্ধাৰণ ক্ষেত্ৰত হৈ থকা লিংগ বৈষম্যকো আদালতে সমালোচনা কৰে। ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ হৃষিকেশ ৰয়ৰ খণ্ডপীঠে আজি NDA ৰ পৰীক্ষাত মহিলাকো অৱতীৰ্ণ হোৱাৰ সপক্ষে ৰায়টো দিয়ে। খণ্ডপীঠ খনে কয় যে মহিলাৰ শাৰীৰিক অৱয়বৰ ভিত্তিত তেওঁলোকক অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত নহয়।

Leave A Reply

Your email address will not be published.