গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা নতুন গৃহৰ সংযোজন হৈছে।পুৰণি বিল্ডিং আৰু নতুন বিল্ডিং সংযোগী এই গৃহটো নিৰ্মাণ কৰোতে ব্যয় হৈছে প্ৰায় ২১কোটি টকা।৪টা এক্সেলেটৰ, ২টা লিফ্ট, বিশেষ ভাৱে সক্ষমৰ বাবে বিভিন্ন সুবিধা সমৃদ্ধ গৃহটো কালি আনুষ্ঠানিকভাৱে মুকলি হয়।নৱনিৰ্মিত গৃহৰ নিৰ্মাণ কাৰ্য্যৰ লগত জৰিত থকা অভিযন্তা শৈল্যদ্বীপ দাসে নৱনিৰ্মিত ভৱনৰ সম্পৰ্কত মন্তব্য কৰি কয় যে প্ৰায় ২ বছৰ জোৰা প্ৰস্তুতিৰে এই ভৱনটো নিৰ্মাণ কৰা হ’ল।পোনপ্ৰথমবাৰৰ বাবে উত্তৰ পূবত এনেধৰণৰ ব্যৱস্থা সম্পন্ন গৃহ নিৰ্মাণ হৈছে।ইফালে কালি মুকলি হোৱা গৃহটো চাবলৈ বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে।এই সম্পৰ্কে জুৰি বৰা নামৰ অধিবক্তা গৰাকীয়ে এনেদৰে মন্তব্য কৰে এই গৃহটোৰ বাবে সহজতে পুৰণা বিল্ডিঙৰ পৰা নতুন বিল্ডিঙলৈ আহিব পৰা সুবিধা হ’ল ।দীৰ্ঘদিনে বৰষুণ বতৰত ভোগ কৰি অহা এটা সমস্যাৰ স্থায়ী সমাধান হ’ল।স্মতব্য যে নৱনিৰ্মিত গৃহটো মাটিৰ তলত নিৰ্মাণ কৰাৰ লগতে সম্পূৰ্ণ শীত তাপ নিয়ন্ত্ৰিত।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা