উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ তোলেন চুতীয়াৰ বিদায় সম্বৰ্ধনা

0 413

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলী জিলাত  গুণগত উচ্চ শিক্ষা প্ৰসাৰণত মেটমৰা অৱদান আগবঢ়াই উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত বৰেণ্য অৱদান  দি যোৱা উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তোলেন চুতীয়াৰ চাকৰি জীৱনৰ শুক্ৰবাৰে সফল পৰিসমাপ্তি ঘটে । মহাবিদ্যালয়খনত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাবে ১৯৮৬ চনতে বিদ্যায়তনিক মহৎ সেৱাৰ শুভাৰম্ভনি ঘটাই ২০২১ চনত প্ৰশাসনীয় মুৰব্বী অধ্যক্ষৰ ভাৰপ্ৰাপ্ত পদত অধিষ্ঠিত হৈ অৱসৰ গ্ৰহণ কৰাৰ এই বৰ্ণিল সাফল্যৰ সতে সংগতি ৰাখি শুক্ৰবাৰে মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিদায় সম্বৰ্ধনা সভা । মহাবিদ্যালয় পৰিয়ালৰ সৌজন্যত   শিক্ষক গোটৰ সভাপতি অজিত খনিকৰৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত উদ্ধোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক জয় কান্ত দলেয়ে।  দলেয়ে অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ চুতীয়াৰ নিৰহংকাৰী ব্যক্তিত্ব , অধ্যয়নপুষ্ট শিক্ষাদান প্ৰক্ৰিয়া , মাৰ্জিত আৰু অনুকৰণীয়  আচাৰ আচৰণ , সুদক্ষ আৰু সুশৃংখল প্ৰশাসনীয় ব্যুৎপত্তিতা আৰু সামাজিক দায়বদ্ধতা সম্পন্ন দিশ সামৰি আদৰণি বক্তব্য আগবঢ়াই। অৰ্থনীতি  বিভাগৰ অধ্যাপক উপেন বৰাই আঁতধৰা  সম্বৰ্ধনা সভাত মহাবিদ্যালয়খনত ১৯৮৬ চনৰ ২৪ ছেপ্টেম্বৰত যোগদান কৰি তিনি দশক কাল  বৰেণ্য সেৱা আগবঢ়োৱা চুতীয়াৰ বিদায় বেলাত অনুষ্ঠিত সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফণীধৰ টাহু , শিক্ষক শিক্ষাৰ্থী, কৰ্মচাৰী, মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগ, এন এছ এছ , এন চি চি গোট,উজনি মাজুলী টি এম পি কে , চুতীয়া ছাত্ৰ সন্থা , ব্যৱসায় সন্থা  আদিৰ লগতে উজনি মাজুলীৰ গৰিষ্ঠ সংখ্যক ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানে  বিদায় সম্বৰ্ধনা জনাই সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে । মহাবিদ্যালয় পৰিচালনা সমিতি , শিক্ষক গোট, ছাত্ৰ একতা সভাৰ সন্মিলিত উদ্যোগত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত বিদায়ী অধ্যক্ষ চুতীয়াক মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা গছ পুলি, চেলেং চাদৰ , ফুলাম গামোচা , সঁফুৰা, গ্ৰন্থ সম্ভাৰ , পোছাক , সম্বৰ্ধনা পত্ৰ আদিৰে  সম্বৰ্ধনা জনায়। মহাবিদ্যালয়ৰ ছাত্ৰী লক্ষীৰূপা খনিকৰৰ বৰগীত , মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ শ্ৰুতি মধুৰ সংমিশ্ৰিত  লোক সাংস্কৃতিক অনুষ্ঠানে  জীপাল কৰি তোলা সম্বৰ্ধনা সভাত চুতীয়াৰ বৰ্ণময় কৰ্মজীৱনৰ আলোকপাত কৰি  মহাবিদ্যালয় পৰিয়ালে ডঃ বিউটি গগৈৰ সম্পাদনাত কৰি প্ৰকাশ কৰি  উলিওৱা স্মৰণিকা ” সোঁৱৰণী সময়ৰ-সোঁৱৰণী জীৱনৰ” উন্মোচন  কৰি  মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমৃতেশ্বৰ চুতীয়াই এয়া অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ চুতীয়াৰ কৰ্মজীৱনৰ সামাজিক স্বীকৃতি বুলি মন্তব্য কৰে।সভাত  সম্বৰ্ধিত ব্যক্তিৰ একাষাৰত বিদায়ী ভাৰপ্ৰাপ্ত অধ্যক্ষ চুতীয়াই আবেগ মিশ্ৰিত, প্ৰতিষ্ঠা কালৰ পৰা অৱসৰ কাল পৰ্যন্ত অম্লমধুৰ অভিজ্ঞতালব্ধ  বক্তব্য আগবঢ়াই। সভাত পৰিচালনা সমিতিৰ সভাপতি ফণীধৰ টাহুৱে বক্তব্য ৰাখে।অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ চুতীয়াৰ সহধৰ্মিনী  নলিনী চুতীয়া আৰু পৰিয়ালবৰ্গ,  মহাবিদ্যালয়খনৰ নব নিযুক্ত অধ্যক্ষ ডঃ জাহ্নৱী লহকৰ বৰুৱা ,গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিত দলে আদি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.