উত্তৰ কদম প্ৰাথমিক শিক্ষা কেন্দ্ৰৰ  হাতে লিখা কাব্যপুথি এভুমুকি উন্মোচন

0 284

শিক্ষকতাৰ দৰে উৎকৃষ্ট আৰু পবিত্ৰ বৃত্তিত জড়িত হৈ কেৱল উৎকৃষ্ট মানৱ সম্পদ গঢ়াতে আবদ্ধ হৈ নাথাকি অসমীয়া  কাব্য সাহিত্য ক্ষেত্ৰখনলৈকো  প্ৰভূত  অৱদান আগবঢ়াই যোৱাৰ দৰে প্ৰশংসনীয় আৰু প্ৰেৰণা দায়ক  কাম অব্যাহত ৰাখিছে  লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ উত্তৰ কদম প্ৰাথমিক শিক্ষক কেন্দ্ৰই।  তাৰেই  অংশ হিচাপে  বৃহস্পতি বাৰে  শিক্ষক কেন্দ্ৰটোৰ  স্বনামধন্য শিক্ষাগুৰু সকলে প্ৰকাশ কৰি উলিয়ালে এখন হাতে লিখা স্বৰচিত কাব্য পুথি । কেন্দ্ৰটোৰ অন্তৰ্গত যোৰহটীয়া গোঁহাই গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত  উন্মোচনী অনুষ্ঠানখনৰ আঁত ধৰে শিক্ষা খণ্ডৰ সম্পাদক ,শিক্ষক কিৰণ সোণোৱালে । উত্তৰ কদম প্ৰাথমিক শিক্ষা খণ্ডৰ সভাপতি নিত্যানন্দ নায়কৰ পৌৰহিত্যত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ  উন্মোচনী সভাত  এভুমুকি নামাংকণেৰে হাতে লিখি প্ৰকাশ কৰি উলিওৱা  কাব্য পুথিখন শুভ উন্মোচন কৰে লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট  সাংবাদিক , সাংস্কৃতিক কৰ্মী মজিন সোনোৱালে।শিক্ষাব্ৰতী  ব্যক্তি সকলৰ এনে  সৃষ্টিশীল  সাহিত্য চৰ্চাই  নব প্ৰজন্মক অসমীয়া  ভাষা সাহিত্য চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰি অসমীয়া  কাব্য সাহিত্যৰ ভঁৰাল অধিক টনকিয়াল কৰাত উৎসাহিত কৰিব বুলি মন্তব্য কৰে।  উত্তৰ লখিমপুৰ মহকুমা  প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক দেৱ বৰাই নিৰ্দিষ্ট বক্তা , লখিমপুৰ, কদম পানীগাঁও শিক্ষা চক্ৰৰ সহকাৰী পৰিদর্শক  ইজাজুল হুছেইনে  বিশিষ্ট অতিথি  হিচাপে উপস্থিত থাকি এনে প্ৰেৰণাদায়ক পদক্ষেপক শলাগ লয়।  শিক্ষক কেন্দ্ৰৰ প্ৰাক্তন সভাপতি প্ৰতাপ পায়েং , কেন্দ্ৰৰ  ৩১ গৰাকী  শিক্ষক সদস্যকে ধৰি বহুসংখ্যক শিক্ষানুৰাগী , কাব্য প্ৰেমী ৰাইজ উপস্থিত থকা  উন্মোচনী সভাত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড় চল্ট  ব্ৰুক  বিদ্যালয়ৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হোৱা   শিক্ষক ৰূপম সোণোৱালৰ পুত্ৰ হিমাংশু সোণোৱাল  আৰু  লখিমপুৰ চেইণ্ট মেৰিজ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা  শিক্ষয়িত্ৰী মালবিকা দাস কাশ্যপৰ পুত্ৰ নিৰূপম কাশ্যপক শিক্ষক কেন্দ্ৰই স্মাৰক , প্ৰশস্তিপত্ৰ, ফুলাম গামোচা আৰু গ্ৰন্থ সম্ভাৰেৰে উষ্ণ সম্বৰ্ধনা জনাই  স্বৰ্ণ উজ্বল ভৱিষ্যত কামনা কৰি আশীৰ্বাদ দিয়ে ।  উল্লেখযোগ্য যে বিগত ৪ বছৰ ধৰি এই শিক্ষক কেন্দ্ৰটোৰ উদ্যোগত শিক্ষক সদস্য সকলৰ চূড়ান্ত পৰীক্ষাত  কৃতিত্বৰে উত্তীৰ্ণ  সন্তান সকলক সম্বৰ্ধনা জনাই অহাৰ লগতে পূৰ্বৱৰ্তী সময়ত “পথিকৃত” নামৰ এখন কাব্য পুথি প্ৰকাশ কৰি  প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।
পৰা বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.