উত্তৰ পূবৰ বিমান বন্দৰ সমূহ উন্নয়নৰ সম্পৰ্কত পৰ্য্যালোচনা

0 250

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে কেইমাহমান পূৰ্বে দায়িত্ব ভাৰ গ্ৰহণ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া অৰবিন্দ সিং মঙলবাৰে বিয়লি দুদিনীয়া ভ্ৰমণসুচীৰে আহি গুৱাহাটীত উপস্থিত হয় ৷
প্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হোৱাৰ পিছত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ আবাসীক এলেকাৰ অতিথিশালাত সন্ধিয়া উত্তৰ পূবৰ বিমান বন্দৰ সমূহৰ উন্নয়ন সম্পৰ্কে এক পৰ্যালোচনাত ভাগ লয় অৰবিন্দ সিঙে ৷ বৈঠকত প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দাল, উত্তৰ পূব বিমান বন্দৰ সমূহৰ সঞ্চালককে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল, বিমান বন্দৰ আৰু বিমান সেৱাৰ লগত জড়িত অংশীদাৰ সকল উপস্থিত থাকে ৷
বৈঠকত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্য্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে উত্তৰ পূবত প্ৰাধিকৰণৰ কৰ্মচাৰী সকলে এক লাখ গছপুলি ৰোপণ কৰা সন্দৰ্ভত এখন শপত পত্ৰ অৰবিন্দ সিংক প্ৰদান কৰে ৷
আনহাতে বুধবাৰে দিনৰ ভাগত অৰবিন্দ সিঙে অসমৰ বিমান বন্দৰ সমূহৰ উন্নয়ন, ভূমি অধিগ্ৰহণ সন্দৰ্ভত দিছপুৰত অসম চৰকাৰ মুখ্য সচিব সঞ্জয় কৃষ্ণৰ সৈতে এখন উচ্চ পৰ্য্যায়ৰ বৈঠকত মিলিত হয়।
আনহাতে বিয়লি গুৱাহাটী বিমান বন্দৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সভাগৃহত আয়োজিত এক সংবাদমেলত ভাগ লৈ অৰবিন্দ সিঙে কয় যে  গুৱাহাটী বিমান বন্দৰ নিৰ্মাণ অৱস্থাত থকা টাৰ্মিনেল ভৱনটো অহা বছৰ মাজভাগত সম্পূৰ্ণ হ’ব ৷ তেনেদৰে অৰুণাচল প্ৰদেশৰ ইটানগৰ হলোংগী বিমান বন্দৰৰ কাম সোনকালে আৰম্ভ হ’ব ।

Leave A Reply

Your email address will not be published.