মহিলা সৱলীকৰণৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা বিভিন্ন পদক্ষেপ গ্ৰহণ

0 285

উত্তৰ পূব সীমান্ত ৰেলৱেত কালি আন্তৰ্জাতিক মহিলা দিৱস উদযাপন হয়।উদযাপনৰ এক অংশ হিচাপে মালিগাঁওস্থিত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ত Choose to challenge শীৰ্ষক এখন চেমিনাৰ অনুষ্ঠিত হয়।এই চেমিনাৰখনত ৰেলৱেৰ এক বৃহৎ সংখ্যক মহিলা কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।এই চেমিনাখনত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তাদেৱ উপস্থিত থাকি বিভিন্ন বিভাগৰ মহিলা কৰ্মচাৰী সকলৰ উৎকৃষ্ট সেৱাৰ স্বীকৃতি স্বৰূপে আৰু অন্যান্য বহুতো অনুষ্ঠানৰো আয়োজন কৰা হ’ব মন্তব্য কৰে।
উল্লেখযোগ্য যে প্ৰতি বছৰে ৰেলৱেই এক বুজন সংখ্যক মহিলা কৰ্মচাৰী নিয়োগ কৰে।ৰেল চালক,গাৰ্ড, গেটমেন,ট্ৰেক ৰক্ষণাবেক্ষণ সেৱা,টিটিই,ৰেল পৰীক্ষণ ডিউটি,আদৰণি এফ,টেকনিচিয়ান,বেণ্ডাৰ আদি বিভিন্ন কঠিন কামত পুৰুষ কৰ্মচাৰীৰ সমানেই মহিলা কৰ্মচাৰী সকলে নিজ কৰ্তব্য সম্পাদন কৰি আহিছে।
ৰেলৱেৰ কৰ্মক্ষেত্ৰত মহিলা কৰ্মচাৰী সকলৰ ভূমিকা সৱলীকৰণ আৰু শ্ৰীবৃদ্ধি কৰাৰ দিশত উত্তৰ পূব সীমান্ত ৰেলৱেই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।মহিলাৰ আত্ম সন্মানক সঞ্চাৰিত কৰাত গুৰুত্ব দি গুৱাহাটীস্থিত কোচ মেইন্টেনেন্স ডিপোৱে পিট লাইন আৰু চিক লাইনত ডবাৰ ৰক্ষণাবেক্ষণৰ কাম কাজত সমস্ত মহিলা কৰ্মচাৰী নিয়োজিত কৰিছে।ভাৰতীয় ৰেলৱেত ই হৈছে এনেধৰণৰ প্ৰথমটো প্ৰয়াস।
গুৱাহাটীৰ পিট লাইনত ৰেলৱেৰ বিভিন্ন ৰেক পৰীক্ষণ সেৱাত,যেনে আৰটিআৰৰ ব্যৱহাৰেৰে এয়াৰ ব্ৰেক টেষ্টিং চেফটি ষ্ট্রেপৰ পৰিবৰ্তন, ব্ৰেক ব্লকৰ পৰিবৰ্তন, ব্ৰেক কেলিপাৰৰ তদাৰক কৰা,ট্ৰলীৰ পৰীক্ষণ আদি কাৰ্যত মহিলা কৰ্মচাৰী সকলক নিয়োজিত কৰা হৈছে।এনেধৰণৰ বিভিন্ন ৰক্ষণাবেক্ষণ সেৱাৰ অৱধাৰণাৰ ওপৰত ৰেলৱেৰ কাৰিকৰী কৰ্মচাৰী সকলক লৈ মহিলা কৰ্মচাৰী সকলক ক্লাচৰুম প্ৰশিক্ষণ প্ৰদান কৰা হয়।
ডিব্ৰুগড় ৰেলৱে ৱৰ্কশ্বপৰ টেকনিচিয়ান নমিতা সোণোৱাল চাৰফেচ হুইল লাথে আৰু ভাৰটিকেল টাৰেট লাথে মেচিনত সেৱা আগবঢ়াই আহিছে।আনহাতে ডিব্ৰুগড় ৰেলৱে ৱৰ্কশ্বপৰ টেকনিচিয়ান আৰফিন আৰা বেগমে হৰাইজণ্টেল মিলিং মেচিন সেৱাত নিয়োজিত হৈছে।নিউ বঙাইগাঁও চিওণ্ডডব্লিউ ৱৰ্কশ্বপৰ বেণ্ডাৰ ৰেখাৰাণী মণ্ডলে এম আইজি আৰু টিআইজি ৱেল্ডিং মেচিনৰ ওপৰত যথেষ্ট জ্ঞান অৰ্জন কৰিছে।সমগ্ৰ উত্তৰ পূব সীমান্ত ৰেলৱেত এক বৃহৎ সংখ্যক মহিলা ট্ৰেক মেইন্টেইনাৰ কৰ্মচাৰী গেটমেন আৰু অন্য ট্ৰেক ৰক্ষণাবেক্ষণ কাৰ্যত নিয়োজিত হৈ আছে।
স্মৰণযোগ্য যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ ক্ৰীড়াবিদসকলে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত তেখেত সকলক আধিপত্য বিস্তাৰ কৰি ভাতৰবর্ষক উচ্চ শিখৰলৈ ধাৱবান কৰি দেশখনক গৌৰাম্বিত কৰিছে।ৰেলৱেৰ ক্ৰীড়াবিদ সকলৰ ভিতৰত কুমাৰী চৈখোম মিৰাবাই চানু, বিশেষ কৰ্তব্যৰত বিষয়া,কুমাৰী সঞ্জিতা চানু, ট্ৰেভেলিং টিকেট ইন্সপেক্টৰ ,কুমাৰী ভাগ্যৱতী কচাৰী ,টেকনিচিয়ান,ডিএছএল-এ দেশৰ হকে বহুতো সন্মান বুটলিবলৈ সক্ষম হৈছে আৰু অন্য বহুতো মহিলা ক্ৰীড়াবিদৰ ক্ৰীড়াৰ অভ্যাস বাহাল ৰখাৰ বাবে এক অনুপ্ৰেৰণাস্বৰূপ হৈ পৰিছে।

Leave A Reply

Your email address will not be published.