উদ্যমীসকলৰ বাবে বিশেষ পদক্ষেপ আই আই ইৰ

0 269

প্ৰশিক্ষণৰ লগতে ব্যৱসায়িক প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি আৰম্ভ হোৱা দুঃসাহসিক ক্ৰীড়াৰ কৰ্মশালা আজি সামৰণি পৰে।ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ অধীনত অনুষ্ঠিত হোৱা কৰ্মশালাখনত সম্পৰ্কত সঞ্চালক ডক্টৰ অভিজিত শৰ্মাই কয় যে -দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল এখন সম্ভাৱনাপূৰ্ণ ঠাই ।সেয়ে আই আই ই গুৱাহাটীয়ে দুঃসাহসিক ক্ৰীড়াৰ মঞ্চ তৈয়াৰ কৰিবলৈ চেষ্টা চলাই আহিছে ।কিয়নো ইয়াৰ জৰিয়তে কেৱল প্ৰশিক্ষণপ্ৰাপ্ত বিশেষ উদ্যমী গৰাকীয়ে মঞ্চ নাপায়, বৰঞ্চ সমগ্ৰ দুঃসাহসিক ক্ষেত্ৰ হিচাপে গঢ়ি তোলা অঞ্চলটোৰ লোকসকলৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ ৰচনা হয়।এতিয়ালৈকে প্ৰায় ২০০ জন উদ্যমীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।৬০% উদ্যমীয়ে নিজা প্ৰচেষ্টাত ব্যৱসায় আৰম্ভ কৰিছে।উল্লেখযোগ্য যে উদ্যমীসকলৰ ব্যৱসায় প্ৰসাৰৰ বাবে আই আই ই গুৱাহাটীয়ে নাবাৰ্ডকে আদি কৰি বিভিন্ন বেংকৰ লগত যোগাযোগ কৰি দিয়ে।এইবাৰৰ কৰ্মশালাত উত্তৰ পূবৰ ২৫গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত মিজোৰাম আইজলৰ জ’জো নামৰ এগৰাকী প্ৰশিক্ষাৰ্থীয়ে কয় যে নিজাকৈ গ্ৰাম্য পৰ্যটন প্ৰসাৰ কৰিবলৈ মিজোৰামত চেষ্টা কৰিম।আন এগৰাকী প্ৰশিক্ষাৰ্থী ডেইজী দেৱীয়ে কয় যে প্ৰশিক্ষণ অংশগ্ৰহণ কৰি খুব ভাল লাগিল ।যথেষ্ট নজনা কথা জানিবলৈ পালো।আনহাতে আই আই ইত চলি থকা ইমপেক্ট উইকৰ প্ৰসংগত সুপৰ্ণা বি বৰুৱাই কয় যে ডিজাইন থিংকিঙৰ জৰিয়তে ব্যৱসায়িক ক্ষেত্ৰখনক উন্নয়ন কৰিবলৈ প্ৰয়াস কৰা হৈছে ।ইয়াৰ প্ৰথম পৰ্যায়ত প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দিয়া হ’ল।বৰ্তমান শিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণ চলি আছে।উদ্ভাৱনীমূলক চিন্তাই ডিজাইন থিংকিঙত গুৰুত্ব পাইছে।প্ৰশিক্ষণত অংশ লোৱা উৎকৃষ্ট ধাৰণা থকা দলক ছাপ, লুফথাঞ্চাৰৰ ফালৰ পৰা নগদ ধনেৰে পুৰস্কৃত কৰিব।এই সম্পৰ্কে পুনেৰ পৰা অহা প্ৰশিক্ষক অমৃত ইমানদাৰে কয় যে ডিজাইন থিংকিং ব্যৱহাৰ কৰি নিজৰ ব্যৱসায় উন্নয়ন কৰিছো।ইয়াত কৃষি, গ্ৰাম্য পৰ্যটন,পৰিবেশ আদি বিষয় সামৰি বিভিন্ন জন ছাত্ৰ ছাত্ৰী আহিছে।অৱশ্যে প্ৰশিক্ষণৰ অন্ততেহে সম্পূৰ্ণ প্ৰক্ৰিয়াৰ সম্পৰ্কে ক’ব পৰা যাব ।উল্লেখযোগ্য যে পোনপ্ৰথমবাৰৰ ডিজাইন থিংকিঙৰ প্ৰশিক্ষণ আই আই ই অনুষ্ঠিত হৈছে।

Leave A Reply

Your email address will not be published.