উন্মোচন হ`ল অসমৰ উদ্যমীসকলকলৈ লিখা এখন গ্ৰন্থ

0 247

আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হ’ল Our stories , Our Entrepreneurs, Our Pride” নামৰ এখনি গ্ৰন্থ।গ্ৰন্থ উন্মোচন কৰে অৱসৰ প্ৰাপ্ত আই পি এছ বিষয়া তথা অসম লোকসৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ পল্লৱ ভট্টচাৰ্যই। গ্ৰন্থখন উন্মোচন কৰি পল্লৱ ভট্টাচাৰ্যই কয় যে অসমৰ উদ্যমী সকলৰ বিষয়ে অসমৰ বাহিৰৰ মানুহে অতি কমকৈ জানে আৰু ইংৰাজীত লিখাৰ বাবে এই কিতাপখনৰ পৰা অসমৰ বহুলোকে জানিবলৈ সক্ষম হ’ব । গ্ৰন্থখনৰ লিখক প্ৰফুল্ল শইকীয়াই এই সম্পৰ্কত কয় যে এই গ্ৰন্থত প্ৰায় ৪০০ৰ উদ্যমীক দুটা খণ্ডত সামৰি লোৱা হ’ব ।
উল্লেখযোগ্য যে এই কিতাপ খন ২৫ মাৰ্চৰ পৰা ৰাজ্যখনৰ বিভিন্ন কিতাপৰ বিপনীত উপলব্ধ হ’ব । গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত আজিৰ অনুষ্ঠানত প্ৰায় ৫০ গৰাকী লোক উপস্থিত থাকে। সভাত অগ্ৰণী ঔদ্যোগিক সংস্থা ফাইনাৰ অধ্যক্ষ পবিত্ৰ বুঢ়াগোহাঁই, উদ্যোগী ড° নেকিব হুছেইন ,বিনোদ লোহিয়া,আৰু বিপুল দাস উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.