উন্মোচন হ’ল মৃণাল কুমাৰ বৰাৰ উপন্যাস কমাৰ্চ পইণ্ট

0 272

গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰবাসৰ সোণালী জয়ন্তী সামৰণি সমাৰোহ উদযাপন সমিতিৰ উদ্যোগত আজি গুৱাহাটী কমাৰ্চ কলেজ প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত প্ৰথিতযশা সাহিত্যিক ৰীতা চৌধুৰীয়ে উন্মোচন কৰে মৃণাল কুমাৰ বৰাৰ সদ্য প্ৰকাশিত কেম্পাচ নভেল কমাৰ্চ পইণ্ট।
গুৱাহাটীৰ কমাৰ্চ কলেজৰ ছাত্ৰবাসৰ সোণালী জয়ন্তী সামৰণি সমাৰোহ উদযাপন সমিতিৰ সভাপতি গোকুল কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক যীশুৰঞ্জন চলিহাৰ আহ্বান মৰ্মে অনুষ্ঠিত সভাখনত মুখ্য অতিথি ৰূপে যশশ্বী গল্পকাৰ ইমৰান হুছেইন,নাট্যকাৰ পৰিচালক নয়ন প্ৰসাদ আৰু সন্মানীয় অতিথিৰূপে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা গুৱাহাটী কমাৰ্চ কলেজৰ পৰিচালনা সমিতিৰ বৰ্তমানৰ সভাপতি ড° ভাস্কৰজ্যোতি বৰা,গুৱাহাটী কমাৰ্চ কলেজৰ বৰ্তমান অধ্যক্ষ ড° হোমেশ্বৰ কলিতা উপস্থিত থাকে।
গুৱাহাটী কমাৰ্চ কলেজৰ পটভূমিত অসমৰ এজন জ্যেষ্ঠ সাংবাদিক মৃণাল কুমাৰ বৰাই লিখা আৰু অসমৰ এটি অভিজাত প্ৰকাশন গোষ্ঠী বান্ধৱৰ হৈ ৰঞ্জন শৰ্মাই প্ৰকাশ কৰা ১৬৩ পৃষ্ঠাৰ গ্ৰন্থখনৰ পাতনি লিখিছে স্বনামধন্য সাহিত্যিক,সাতসৰী আৰু সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে ।
গ্ৰন্থখন প্ৰচ্ছেদ সজাইছে বুলবুল চহৰীয়াই।উপন্যাসখনত মোবাইল ফোনবিহীন এক সময়ৰ ছাত্ৰ জীৱনৰ আনন্দ,ভয় সংশয়,প্ৰেম হতাশা,জীৱনৰ আশা আকাংক্ষাৰ লগতে সামাজিক ৰাজনৈতিক চেতনাৰ কিছু বিশেষ মুহূৰ্ত সন্নিবিষ্ট হৈছে। জনপ্ৰিয় নাট্যকাৰ তথ্য আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰন কাৰ্যবাহী ঋতুপৰ্ণ দাসে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত অসমৰ ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.