উপৰহালীত গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত উদ্যোগীয় দক্ষতা বিকাশ প্ৰশিক্ষণৰ সামৰণি

0 205

পলাশবাৰীৰ উপৰহালীস্থিত অসম গ্ৰামীণ বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছয় দিনীয়া সাধাৰণ উদ্যোগীয় দক্ষতা বিকাশ প্ৰশিক্ষণৰ আজি সফল সামৰণী পৰে। এই উপলক্ষে আয়োজন কৰা প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানটোৰ সঞ্চালনা কৰে প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক দৰ্পন বৰাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ই.পি.মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ উপদেষ্টা বলেন কলিতাই উপস্থিত থাকি আৰছেটি কামৰূপে গ্ৰাম্যঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে আগবঢ়াই অহা বিনামূলীয়া প্ৰশিক্ষণৰ শলাগ লয়। প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলাসকলে বেংক ঋণৰ জৰিয়তে আত্ম নিৰ্ভৰশীল হবলৈ পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত অসম গ্ৰামীণ বিকাশ বেংক, উপৰহালী শাখাৰ পৰিচালক হৰি দাসে বেংকৰ নিয়মীয়া লেনদেন, গোটৰ ৰেজিষ্টেচন, লোণৰ বিষয়ত বিস্তৃত বাব্খ্যা আগবঢ়ায়। যোৱা ৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণটোত কামৰূপ জিলাৰ ৩৫ গৰাকী মহিলাই অংশ গ্ৰহণ কৰে। অনুষ্ঠানত উপৰহালী শাখাৰ পৰা আজি এটা আত্ম সহায়ক গোটক ১,০০,০০০.০০ টকা ঋণ আগবঢ়োৱা হয়। প্ৰশিক্ষণ লোৱা আটাইকেইটা আত্মসহায়ক গোটক পৰ্যায়ক্ৰমে অসম গ্ৰামীণ বিকাশ বেংক উপৰহালী আৰু কুকুৰমাৰা শাখাৰ পৰা ঋণ প্ৰদান কৰা হব বুলি সঞ্চালকে জানিবলৈ দিয়ে। অনুষ্ঠানটোৰ আঁতধৰে প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ সহায়িকা পাৰিজাত সন্দিকৈয়ে।

Leave A Reply

Your email address will not be published.