২০২১ বৰ্ষৰ বাজেটত কি কি বিষয়ে স্থান পালে

0 219

২০২১-২২বৰ্ষৰ অসম বাজেট আজি বিধানসভাত দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। বাজেট ভাষণ জ্যোতিপ্ৰসাদৰ কবিতাৰে আৰম্ভ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট দাখিলৰ সসময়তে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁইক অসমৰ ৰাইজৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে।ক’ভিডৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ দৃঢ় পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও তেওঁ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি নিষ্ঠাৰে পালন কৰিব বুলিও কয়। মন্ত্ৰী গৰাকীয়ে কয় এই বাজেট কেৱল এবছৰৰ জমা খৰছৰ হিচাপ নহয়। ৫বছৰীয়া কাৰ্যকালৰ এক দলিল।
২০২১-২২ বৰ্ষৰ বাজেটত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ স্মাৰ্ট ফোন যোগান ধৰাৰ বিষয়ে সদৰি কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে। ইয়াৰ দ্বাৰা উপকৃত হ`ব ৰাজ্যৰ প্ৰায় ৮ লাখ ছাত্ৰ-ছাত্ৰী।কেৱল চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলেহে এই সুবিধা লাভ কৰিব।লগতে উচ্চ শিক্ষাৰ খণ্ডতো উন্নতিৰ বাবে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
অসমৰ প্ৰতিখন জিলাৰে সদৰত একোখনকৈ মেডিকেল কলেজ স্থাপনৰ উদ্দেশ্যে আৰু নতুন কৈ ৫ খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ।গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও আৰু তামুলপুৰত হ’ব মেডিকেল কলেজ।ইয়াৰ বাহিৰে সোণালী শৈশৱ বিকশিত অসমক লক্ষ্য কৰি- অংগনবাদী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ৰ বৈদ্যুতিকৰণৰ প্ৰস্তাৱ। ইয়াৰ বাবে ১৩.৫০ কোটি টকা ধাৰ্য্য। একোটা অংগনবাদী কেন্দ্ৰ নিৰ্মাণত ২৫ লাখ টকা ধাৰ্য্য।
এই কমিটীয়ে সকলো দিশ চালি–জাৰি চাই কেবিনেটক সিদ্ধান্তসমূহ অৱগত কৰিব। নিযুক্তিসমূহ যাতে স্বচ্ছ আৰু নিকা হয় তাৰ বাবে সাৱধানতাৰে আগবঢ়াৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।লগতে চাৰিটা নতুন আৰক্ষী বেটেলিয়ন গঠন আৰু চাৰিটা ফৰেনছিক গৱেষণাগাৰ স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে বাজেটত। তাতো বহু নতুন পদৰ সৃষ্টি হ’ব বুলি উল্লেখ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে।তামুলপুৰত এখন নতুন জিলা গঠনৰ প্ৰস্তুতি ।গুৱাহাটীৰ পাহাৰ বেদখলমুক্ত কৰিব । চৰকাৰে উপযুক্ত ভূমি চিনাক্ত কৰি যোগ্যজনক অগ্ৰাধিকাৰ ভিত্তিত তেনে ভূমিলৈ স্থানান্তৰিত কৰিব।পাহাৰতেই সংস্থাপন কৰা হ’ব পাহাৰৰ ভূমি পট্টাহীন লোকসকলক। ঘৰুৱা উৎপাদনৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ১১.২১শতাংশ ।
যোৱা ৪বছৰত সঠিকভাৱে ৰাজহুৱা ব্যয় সম্ভৱ হৈছে।
সুশাসনৰ আৰ্হি ৪টা স্তম্ভত চিনাক্ত কৰা হৈছে।প্ৰশাসনক ৰাইজৰ ওচৰ চপাবলৈ চৰকাৰে চেষ্টা কৰিছে।
খাদ্য সুৰক্ষা আইনৰ অধীনত ANNA আচনিৰ অধীনত বাৰ্ষিক ৪৭৯কোটি টকা ব্যয় কৰা হৈছে।এই আচনিয়ে চাহ বাগান এলেকাৰ ৬.৪৬লাখ পৰিয়ালকে ধৰি মুঠ ৫৮.৯৩লাখ পৰিয়ালক সামৰি লৈছে।
চাহ জনগোষ্ঠীৰ উচ্চশিক্ষাৰ অৰ্থে ১০২খন হাইস্কুল স্থাপনৰ বাবে স্থান নিৰ্ণয় কৰা হৈছে।৮০০খন চাহ বাগিছা লেবাৰ লাইনত পথ ১কোটি টকাকৈ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।
চাহ শ্ৰমিকে অৱসৰ ভাট্টা ৫০হাজাৰকৈ পাব।
ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন, কুশল কোৱঁৰ বৃদ্ধ পেঞ্চন, দিনদয়াল উপাধ্যয় দিব্যাংগ পেঞ্চন সফলভাৱে ৰূপায়ন হৈছে।
অসম মালা আচনিৰ অধীনত ৰাজ্যৰ উন্নয়নৰ কাম হৈছে।
মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম চলি আছে।
বৰ্তমান সময়ত ক’ভিড চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়ত ২০হাজাৰ ৪৭৪খন বিচনা ব্যৱহাৰ কৰি থকা হৈছে।২০২১ৰ জুনলৈকে ৯৫,৭৭০জন লোকক বিনামূলীয়াকৈ ক`ভিডৰ চিকিতসা কৰা হৈছে।
ৰাজ্যত মুঠ ৭৭,৮৬,৯০০গৰাকী লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে।
এক লাখ নিবনুৱাক সংস্থাপন, ৪টা নতুন আৰক্ষী বেটলিয়ন গঠন, ৪টা ফৰেনচিক গৱেষণালয় স্থাপনৰ সিদ্ধান্ত।ড্ৰাগছ বিৰোধী অভিযানত ১৩৫কোটি মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ।চাহ বনুৱাৰ দৈনিক মজুৰি ৩৮টকাকৈ বৃদ্ধি।ক’ভিডত ২০২১ত ১৩জুলাই লৈকে ৪৮৮৮গৰাকী লোকৰ মৃত্যু অসমত।
মাইক্ৰফাইনেন্সৰ ঋণৰ বোজা গ্ৰহণ কৰা দুৰ্দশাগ্ৰস্ত মহিলালৈ সকাহ।
নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে কমিটী গঠন।
অৰণোদয় আচনিয়ে মহিলা সবলীকৰণৰ দিশত ডাঙৰ সহায় কৰিছে।
PWRDয়ে বছৰেকীয়া পথৰ জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছে।
শিপিনীসকলৰ বাবে উৎপাদিত সামগ্ৰীৰ নিৰিখ স্থিৰ কৰা হব।
বানমুক্ত অসম গঢ়াৰ পৰিকল্পনা।
ৰাজ্যত আছে ৪৪৭৪.৮৬কিঃমিঃ মথাউৰি।
অংগনৱাডী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত বৈদ্যুতিকৰণ।
অংগনৱাডী একোটা কেন্দ্ৰৰ নিৰ্মাণ ব্যয় ২৫কোটি টকা ধাৰ্য।
ৰাজ্যত আছে বৈদ্যুতিকৰণ নোহোৱাকৈ ৪৮হাজাৰ ৮০৫টা অংগনৱাডী কেন্দ্ৰ।
এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড নীতি প্ৰযোজ্য হ`ব।
ৰাজ্যৰ খেতিয়ক সকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্য।
ৰাজ্যত এখন কৃষি আয়োগ গঠন হোৱাৰ প্ৰস্তাৱ।
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে ১০০কোটি টকা প্ৰদান কৰা হৈছে।দৰং জিলাৰ গৰুখুটিত ৭৭,৪২০বিঘাতকৈ অধিক ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে।
গৰুখুটিৰ প্ৰকল্পৰ বাবে ৯.৬কোটি টকাৰ প্ৰস্তাৱ।
প্ৰতিখন ৰাজহ গাঁৱতে ৰাজহুৱা পুখুৰী নিৰ্মাণেৰে মীন পালনৰ পোষকতা।
বৰ্তমানৰ বিত্তীয় বৰ্ষত ১০হাজাৰ ৰাজহুৱা পুখুৰী খন্দা প্ৰস্তাৱ।
খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ঐহিত্য সংস্কৃতি সংৰক্ষণৰ বাবে ১০০কোটি টকা ধাৰ্য।
ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিত ১৮টা প্ৰকল্পৰ তালিকাৰ প্ৰস্তাৱ।
এহেজাৰ টকালৈ বৃদ্ধি অৰুনোদয় আঁচনিৰ ধন ৷
চৰকাৰী স্কুলৰ নৱম আৰু দশম শ্ৰেনীৰজ শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব স্মাৰ্ট ফোন৷
১০০০ টা উপ-স্বাস্থ্য কেন্দ্ৰক হস্পিতাললৈ ৰূপান্তৰ ৷
গোলাঘাট, ধেমাজি,মৰিগাওঁ, বঙাইগাওঁ,তামুলপুৰত ৫ খন নতুন চিকিৎসা মহাবিদ্যালয়৷
কাৰ্বিআংলংত ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন ৷ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা৷
শিৱসাগৰ ঐতিহ্যৰ সংৰক্ষনৰ বাবে বহুকেইটা বিশেষ পদক্ষেপ ঘোষণা ৷
বঙাইগাওঁ,বিহালী আৰু শুৱালকুছিত নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়৷
হাজো, মাজুলী, টিংখঙত নতুন পলিটেকনিক স্থাপনৰ প্ৰস্তাৱ৷
প্ৰৱৰ্তন কৰা হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডৰ কথা ঘোষণা।
ক্ষুদ্ৰ ব্যৱসায়ীলৈ ১০ হেজাৰ টকাৰ এককালীন সাহাৰ্য্য৷
ভিতৰুৱা অঞ্চলত থকা বিদ্যালয়সমূহৰ শিক্ষকৰ বাবে নিৰ্মাণ কৰা হ`ব কোৱাৰ্টাৰ।
চৰকাৰে মহিলা হেল্পলাইন ১৮১ আৰম্ভ কৰাৰ কথা বিবেচনা কৰাৰ কথা উল্লেখ বিত্তমন্ত্ৰীৰ। যিকোনো বিপদ বা অসুবিধাৰ সময়ত এই নম্বৰত ফোন কৰিলে মহিলাসকলে পাব সহায়।
চাহ বনুৱাৰ দৈনিক মজুৰি ৩৮টকাকৈ বৃদ্ধি।এক লাখ নিবনুৱাক সংস্থাপন, ৪টা নতুন আৰক্ষী বেটলিয়ন গঠন, ৪টা ফৰেনচিক গৱেষণালয় স্থাপনৰ সিদ্ধান্ত।চাহ শ্ৰমিকে অৱসৰ ভাট্টা ৫০হাজাৰকৈ পাব।৩৭লাখ ৭৩হাজাৰ ৬৪৫গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হব বিনামূলীয়া ইউনিফৰ্ম।
চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ২১ গৰাকী স্নাতক মহলৰ ছাত্ৰ-ছাত্ৰীক মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু বৃটেইনৰ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত ইণ্টাৰ্ণশ্বিপৰ সুযোগ।

Leave A Reply

Your email address will not be published.