এইমছত উজলিছে অসমৰ শিক্ষার্থী

0 255

সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ত উজলি উঠিছে অসমৰ এগৰাকী শিক্ষার্থী । শিক্ষাৰ্থীগৰাকী নাম ডাঃ অনন্যা গোস্বামী৷ চকু চিকিৎসা বিভাগৰ এইগৰাকী ছাত্রী ডাঃ গোস্বামীয়ে ২০২০ বর্ষৰ স্নাতকোত্তৰ পৰীক্ষাত প্রথম স্থান অধিকাৰ কৰিছে৷ এই কৃতিত্বৰ বাবে তেওঁ এটা স্বর্ণপদক লাভ কৰিছে।
যোৱা শনিবাৰে এইমছৰ ৫৪সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই আনুষ্ঠানিকভাৱে ডাঃ গোস্বামীক এই স্বর্ণপদক আৰু মানপত্র প্রদান কৰে৷ উল্লেখ্য যে কৃতী শিক্ষার্থী ডাঃ গোস্বামী হৈছে বিশিষ্ট চকু চিকিৎসক ডাঃ শুভ্রকিংকৰ গোস্বামী আৰু ডাঃ বিজুলী গোস্বামীৰ জ্যেষ্ঠ কন্যা৷

Leave A Reply

Your email address will not be published.